আঘোণ

জুনমনি গগৈ

ধাননি উজাই বলিছে সখীয়তী বতাহ
গা-ভাৰী পথাৰখনে সপোন এটি সিঁচি দিছে
আলফুলে বৰ আলফুলে
এতিয়া
চুপতা-চুপতি কৰি ৰাংঢালি ছোৱালীৰ কাঁচিত
খনে খনে হয় মুঠি
সিহঁতৰ বুকুত প্ৰেম, উশাহত উত্তেজনা
ওঁঠত যৌৱনমতীয়া গান

সোণপাহি/ ৰূপহী
আহ ঐ আহ, ৰংমনকো মাত
ন’ৰাবোৰ ভাঙি তাতে বহ
ওখকৈ নৰাৰে দিব তোক ছাঁ
নহ’লে তেজী হৈ বৈ পৰা বেলিটোৱে তোক আপেল ৰঙ সিঁচি থৈ যাব

দূৰৈত ৰৈ ৰৈ বাজিছে পাহুৱাল ডেকাৰ উকি
লগতে কণল’ৰাৰ নৰা পেঁ‌পাৰ সুৰ
হাতত তাৰ মুঠি মুঠি লেচেৰি

ৰংমন ককাইটি, ডাঙৰীবোৰ ভালকৈ নিবি
বছেৰেকলৈ সাঁচিব লাগিব তোৰ সপোন
এইবাৰ তোৰ পেট এটা বাঢ়েহে এথোন!

Be the first to comment

Leave a Reply

Your email address will not be published.


*