শেষ ৰাতি পৰি থকা বাটটোৰ দৰেই
মই মোক অকলেই চম্ভালি থাকিলোঁ,
মই মোক হানি খুঁচি
মই মোক পখালি পখালি
মই মোক মোৰ কৰি ৰাখিলোঁ।
শিলিখা মণি পিন্ধা তিৰোতাবোৰে
শিলিখা বুটলিব নাজানে,
এই কথাই মোক হঁহুৱায়
এই বিষে মোক কন্দুৱায়।
মই এটা পৰুৱাই পোৱা বাট
ঘূৰি ঘূৰি ঘৰলৈয়ে
ঘূৰি ঘূৰি নিজলৈয়ে !
মোৰ মানুহ নাই
মোৰ মাত নাই
মই মোক হেৰুওৱা নাই !
Leave a Reply