♦টিহু : টিহু উন্নয়ন খণ্ডৰ অন্তৰ্গত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত ‘সংস্কাৰ মানুহে মানুহৰ বাবে’ মূল ধ্বনিৰে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰূদ্ধে সজাগতা সৃষ্টি অভিযানৰ অংশ হিচাপে ৭ ফেব্ৰুৱাৰীত টিহু নগৰৰ নিচেই ওচৰৰ বৰবাৰী ভদ্ৰকুছি প্ৰাথমিক বিদ্যালয়ত এখনি সজাগতা সভাৰ আয়োজন কৰা হয় । সভাত অসম বিজ্ঞান সমিতিৰ প্ৰাক্তন উপ সভাপতি– বিশিষ্ট বিজ্ঞান লেখক সুৰেন্দ্ৰনাথ লাউজাৰীয়ে অন্ধবিশ্বাস আৰু লোকাচাৰ বিষয়ক বিভিন্ন সামাজিক প্ৰবাদ আদিৰ ব্যাখ্যা আগবঢ়াই কয় যে নাৰীকেন্দ্ৰিক প্ৰবাদবোৰত বহু অন্ধবিশ্বাস আৰু কুসংস্কাৰ সোমাই আছে ।
Leave a Reply Cancel reply