■ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি গোৱালপাৰা জিলাৰ কৃষ্ণাই ব্লক কংগ্ৰেছে কৃষ্ণাই গ্ৰাম্য চহৰত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদী সকলে প্ৰথমে কৃষ্ণাই পেট্ৰ’ল পাম্পৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিব বিচাৰিছিল যদিও আৰক্ষীয়ে প্ৰতিবাদী দলটোক কৃষ্ণাই ব্লক কংগ্ৰেছে কাৰ্যালয়ৰ সন্মুখত আৱদ্ধ কৰি ৰাখে।
প্ৰতিবাদ কাৰী সকলে কাৰ্যালয়ৰ সন্মুখৰ পথত বহি বিভিন্ন চৰকাৰ বিৰোধী ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে।
প্ৰতিবাদী সকলে বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা দলটোক আগন্তুক নিৰ্বাচনত ৰাইজে উচিত শিক্ষা দিব বুলি মন্তব্য কৰে আৰু মূল্যবৃদ্ধি ৰোধৰ দাবী জনায়।
Leave a Reply Cancel reply