নিজ বিহালী গাওঁ পঞ্চায়ত বিশেষ প্ৰশিক্ষণ শিৱিৰ ::
বিধায়ক ৰঞ্জিত দত্ত
মঙ্গলবাৰে
বিহালী সমষ্টিৰ নিজ বিহালী গাঁও পঞ্চায়তৰ সভাগৃহত ভাৰতীয় জনতা পাৰ্টি,বিহালী মণ্ডল সমিতিৰ এদিনীয়া মণ্ডল প্ৰশিক্ষণ বৰ্গত অনুষ্ঠিত হয়। ভাৰতীয় জনতা পাৰ্টি বিহালী মণ্ডল সমিতিৰ উক্ত প্ৰশিক্ষণ বৰ্গত ভাৰতীয় জনতা পাৰ্টীৰ ইতিহাস আৰু বিকাশ, ভাৰতীয় জনতা পাৰ্টিয়ে ৰাইজৰ হৈ কৰা কাম কাজ আৰু ভৱিষ্যত কাৰ্য্যপদ্ধতি,সংগঠন, সংৰচনা ও ব্যক্তিত্ব বিকাশ শীৰ্ষক সকলো বিষয়ৰ ওপৰত বক্তব্য প্ৰদান কৰে প্ৰাক্তন মন্ত্ৰী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই। উক্ত প্ৰশিক্ষণ বৰ্গত উপস্থিত থাকে বিজেপি,বিশ্বনাথ জিলাৰ সাধাৰণ সম্পাদক অসীম দাস প্ৰমুখ্যে উপ সভাপতি ক্ষীৰদ দাস জিলা পৰিষদৰ সদস্যা ৰেণু গৌতম ভাণ্ডাৰী আৰু প্ৰেম ছেত্ৰী, বিহালী মণ্ডলৰ সভাপতি লাচিত বৰাকে ধৰি মণ্ডলটো প্ৰায় ২০০ অধিক বিজেপি কৰ্মী।
Leave a Reply Cancel reply