NBCE Bihpuria ৰ নতুন কাৰ্য্যালয় আৰু শ্রেণী কোঠা মুকলি
লখিমপুৰ জিলাৰ বিহপুৰীয়া অনুষ্ঠিত National Board of Computer Education ৰ নতুন কাৰ্য্যালয় আৰু শ্রেণীকোঠা আজি শুভাৰম্ভ কৰা হয়।
শুভাৰম্ভ কৰে লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ত্ৰলোক্য নন্দন কাকতি দেৱে। শুভাৰম্ভ ভাষণত অনুষ্ঠানতোৰ দীৰ্ঘায়ু কামনা কৰে উদ্বোধক কাকতি দেৱে।
বৰ্তমান বিজ্ঞান -প্ৰযুক্তিৰ যুগত কম্পিউটাৰ হৈছে শিক্ষাৰ এক অবিচ্ছেদ্য অংগ। গতিকে কম্পিউটাৰৰ দিশত বিহপুৰীয়াৰ শিক্ষা সমাজখনক এক নতুন ৰূপ দিবৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা চলাই NBCE Bihpuria। 2018 চনতে স্থাপন হোৱা এই অনুষ্ঠানটোত বৰ্তমান 200 ৰো অধিক ছাত্ৰ – ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে আৰু প্ৰায় ৩০০ মান ছাত্ৰ -ছাত্ৰীয়ে ডিপ্লমা লাভ কৰিবলৈ সক্ষম হৈছে বুলি শাখা পৰিচালক দেৱজিৎ ভট্টাচাৰ্যয়ে জানিবলৈ দিয়ে।
Leave a Reply