দেশৰ স্বাধীনতা লাভৰ ৭৪ বছৰেও নিৰ্মাণ নহ’ল এখন বিশেষ দলং।

দেশৰ স্বাধীনতা লাভৰ ৭৪ বছৰেও নিৰ্মাণ নহ’ল এখন বিশেষ দলং।
বছৰৰ পিছত বছৰ ধৰি বাঁহৰ সাঁকোৰেই যাতায়াত কৰিছে গাওঁবাসীয়ে।

এখন বাঁহৰ দলং। যিখন দলঙেৰে মৰণত শৰণ পাৰ হৈ আহিছে ক’ত কণ শিশুসকলৰ পৰা বয়োবৃদ্ধলৈকে।
লখিমপুৰ জিলাৰ ১০৯ নং বিহপুৰীয়া বিধান সভাৰ সমষ্টিৰ এখন দলং আৰু এটা বিধ্বস্ত ৰূপত দেখা গৈছে এই দলং খন।

বিহপুৰীয়া সমষ্টিৰ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত নাৰায়ণপুৰ-তাঁতিবাহৰ হৈ ৰঙতি সংযোগী পথৰ তাঁতিবাহৰৰ কুমাৰজান দলঙৰ কাষেদি তাঁতিবাহৰ উচ্চ মাধ্যমিক বিদ্যালয় হৈ তাঁতিবাহৰ ৰে’লৱে ষ্টেচন সংযোগী পথটিৰ দুৰৱস্থাই অঞ্চলটোৰ ৰাইজক জ্বলাকলা খোৱাই আহিছে। দেশৰ স্বাধীনতা লাভৰ ৭৪ বছৰৰ পিছতো পথ আৰু একমাত্ৰ পিছলা নদীৰ ওপৰৰ দলংখন আজি পৰ্যন্ত নিৰ্মাণ নহ’ল।

বহুবাৰ অঞ্চলটোৰ ভুক্তভোগী ৰাইজে বিভাগীয় কাৰ্যালয়ৰ উপৰি গাঁও পঞ্চায়তৰ প্ৰতিনিধি আৰু জনপ্ৰতিনিধিসকলক আবেদন নিবেদন কৰিয়ো সুফল পোৱা নাই।

বৰ্তমানৰ বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড০ অমিয় কুমাৰ ভূঞাক অঞ্চলটোৰ যুৱকৰ্মী তথা ফাৰ্মাচ গ্ৰুপৰ সভাপতি বাবুল বৰা, উদ্যমী যুৱক দিব্যজ্যোতি হাজৰিকা তথা অঞ্চলটোৰ ক্ষুব্ধ ৰাইজে বিধায়ক গৰাকীক দলং খন নিৰ্মাণ কৰি দি ৰাইজক উপকৃত কৰি দিবলৈ অনুৰোধ জনাইছে।

নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ

Be the first to comment

Leave a Reply

Your email address will not be published.


*