বিশিষ্ট লেখক অৰুণ কুমাৰ গোস্বামীৰ ‘ প্ৰসঙ্গঃ সাহিত্য সংস্কৃতি ‘গ্ৰন্থ উন্মোচন

বিশিষ্ট লেখক অৰুণ কুমাৰ গোস্বামীৰ ‘ প্ৰসঙ্গঃ সাহিত্য সংস্কৃতি ‘ গ্ৰন্থ উন্মোচন


সত্ৰীয়া সংস্কৃতিৰ সাধক বিশিষ্ট লেখক, শ্ৰীশ্ৰী শিয়ালমৰাৰ সত্ৰৰ সত্ৰাধিকাৰ আধ্যাপক অৰুণ কুমাৰ গোস্বামীৰ গবেষনামুলক গ্ৰন্থ ‘ প্ৰসঙ্গঃ সাহিত্য সংস্কৃতি ‘ নামৰ গ্ৰন্থ খন আজি বিয়লি শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত উন্মোচন কৰা হয় ।

গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট কবি সমালোচক, নাট্যকাৰ বংশি বৰাই গ্ৰন্থখনে নতুন প্ৰজন্মৰ বাবে শিক্ষাৰ বাতকটীয়া হ’ব বুলি মন্তব্য কৰে ।

গ্ৰন্থখন প্ৰকাশ কৰে শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰকাশন বিভাগে ।
মহাবিদ্যালয়ৰ প্ৰকাশন বিভাগে আয়োজন কৰা উক্ত অনুষ্ঠানত শংকৰদেৱ মহাবিদ্যালয়ৰ আলোচনী ‘ আৰিয়া ‘ খনো উন্মোচন কৰে ।

হিঁমাশ্ৰী বৰাৰ সম্পাদিত আলোচনী খন উন্মোচন কৰে সাংবাদিক অৰুণজ্যোতি বৰাই ।

অধ্যাপক অৰুণ কুমাৰ গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানটি উদ্ধোধন কৰে অধ্যক্ষ ড° সোণাৰাম কলিতায়ে ।

অনুষ্ঠানত বিশিষ্ট কবি পূৰ্ণ বৰা , উৎপল শইকীয়াকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । 


অনুষ্ঠানটি পৰিচালনা কৰে অধ্যাপক প্ৰবীণ বৰায়ে । 
নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ প্ৰতিবেদন

Be the first to comment

Leave a Reply

Your email address will not be published.


*