কৃষ্ণাইত নৰপতি জাতীয় বিদ্যালয়ৰ শুভ উদ্বোধনী অনুষ্ঠান সম্পন্ন

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ ৭২ সংখ্যক গণৰাজ্য দিৱসৰ দিনাখনে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ বুকুত প্ৰতিষ্ঠা লাভ কৰিলে এখন নৱ শিক্ষানুষ্ঠানে৷ উদীয়মান যুৱক মফিজুল ইছলাম (মণি)ৰ একক প্ৰচেষ্টাত কৃষ্ণাই মোলানডুবিত প্ৰতিষ্ঠা লাভ কৰা শিক্ষানুষ্ঠান খনৰ নাম নৰপতি জাতীয় বিদ্যালয়৷ এই উপলক্ষে আজি পুৱা শিক্ষানুষ্ঠানখনৰ চৌহদত এখন উদ্বোধনী সভাৰ আয়োজন কৰা হয়৷

অনুষ্ঠানত পুৱা ৮-৩০ বজাত গণতন্ত্ৰ দিৱস উপলক্ষে জাতীয় পতাকা উত্তোলন কৰে আলহাজ আনোৱাৰ হুছেইনে৷ ১০ বজাত নৰপতি জাতীয় বিদ্যালয়ৰ দ্বাৰ মুকলি কৰে পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়,আমজোঙাৰ অধ্যক্ষ ড° নৱজ্যোতি শৰ্মাই৷ ১০ বজাৰ পৰা অনুষ্ঠিত হয় উদ্বোধনী সভা৷

অৱসৰপ্ৰাপ্ত বিদ্যালয় পৰিদৰ্শক আলহাজ আনোৱাৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভা খনৰ উদ্দেশ্য ব্যাখ্যা কৰে নৰপতি জাতীয় বিদ্যালয় পৰিযালনা সমিতিৰ সম্পাদক নাছিৰ উদ্দিন আহমেদে৷ হাব্ৰাঘাট মহাবিদ্যালয়, কৃষ্ণাইৰ অৱসৰপ্ৰাপ্ত অধ্যাপক জোনাৱ আলীয়ে উদ্বোধনী গীত পৰিবেশন কৰা সভাখনত পৰিচালনা সমিতিৰ হৈ ভাষণ প্ৰদান কৰে বিদ্যালয় পৰিচালনা সমিতিৰ কোষাধ্যক্ষ ছাহেৰা বেগম(মীৰা)য়ে৷

সাংবাদিক নীলমণি শৰ্মাই আঁত ধৰা উদ্বোধনী সভাখনত হাব্ৰাঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মন্টু কুমাৰ দাস, দলগোমা মহাবিদ্যালয়ৰ অধ্যাপক নজৰুল ইছলামকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*