পূৱ ডিক্ৰং মহাবিদ্যালয়ত 4 খন আলোচনা চক্ৰ সম্পন্ন

পূৱ ডিক্ৰং মহাবিদ্যালয়ত 4 খন আলোচনা চক্ৰ সম্পন্ন

বৃস্হপতি বাৰে পূৱ ডিক্ৰং মহাবিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে চাৰিখন আলোচনা চক্ৰ সম্পন্ন হয় ৷

অৰ্থনীতি , ৰাজনীতি বিজ্ঞান,সমাজশাস্ত্ৰ বিভাগ আৰু পুথিভঁৰাল সমিতিয়ে পৃথকে পৃথকে আলোচনা চক্ৰ আয়োজন কৰে ৷

অৰ্থনীতি বিভাগৰ আলোচনা চক্ৰ খনি উদ্বোধন কৰে ইতিহাস বিভাগৰ অধ্যাপক হেমাঙ্গ কুমাৰ নেওগে ৷অৰ্থনীতি বিভাগৰ অধ্যাপক ৰৱিন শইকীয়াই সঞ্চালনা কৰা সভাত উপস্থিত থাকে অধ্যাপক শিৱ ফুকন ৷

পুৱা ১০ বজাৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগে আয়োজন কৰা ’মহিলা সৱলীকৰণ’ শীৰ্ষক বিষয়ৰ আলোচনা চক্ৰখনি উদ্বোধন কৰে মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰৱিন শইকীয়াই ৷

ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক জয় কুমাৰ দেউৰীয়ে সঞ্চালনা কৰা আলোচনা চক্ৰখনিৰ আঁত ধৰে ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক জীতেন দলেয়ে৷ সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক পূৰ্ণ বৰা ৷ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক কণক খণ্ডালে আলোচনা চক্ৰৰ বিষয় সম্পৰ্কে আলোচনা আগবঢ়োৱা সভাত ১৫ গৰাকী ছাত্ৰছাত্ৰীয়ে আলোচনা পত্ৰ পাঠ কৰে ৷পুৱা ১১ বজাত অনুষ্ঠিত হয় সমাজশাস্ত্ৰ বিভাগৰ আলোচনা চক্ৰ ৷

অসমীয়া বিভাগৰ অধ্যাপক পূৰ্ণ বৰাই উদ্বোধন কৰা আলোচনা চক্ৰখনি সঞ্চালনা কৰে সমাজশাস্ত্ৰ বিভাগৰ মুৰব্বী অধ্যাপিকা ৰশ্মিৰেখা বৰাই ৷উক্ত সভাত সমল ব্যক্তিৰূপে উপস্থিত থাকে ইতিহাস বিভাগৰ অধ্যাপক হেমাঙ্গ কুমাৰ নেওগ আৰু অসমীয়া বিভাগৰ অধ্যাপিকা প্ৰণালী শইকীয়া ৷অধ্যাপক ভূপেন শইকীয়াই আঁত ধৰা সভাত সমাজশাস্ত্ৰ বিভাগৰ অধ্যাপিকা পুতুমনি গগৈ , সহকাৰী গ্ৰন্হগাৰীক জ্যোতি শইকীয়া আৰু পুথিভঁৰালৰ সহায়ক মাধৱ বৰুৱা উপস্থিত থাকে ৷মহাবিদ্যালয়ৰ পেক্ষাগৃত বিয়লি ১ বজাত অনুষ্ঠিত হয় পুথিভঁৰাল সমিতিয়ে আয়োজন কৰে এখনি আলোচনা চক্ৰ ৷

মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰৱিন শইকীয়াই উদ্বোধন কৰা সভাখনি সঞ্চালনা কৰে গ্ৰন্হগাৰীক ৰিকুমনি শইকীয়াই ৷ ’পুথি সংৰক্ষণ আৰু ব্যৱহাৰ ’ শীৰ্ষক বিষয়ৰ আলোচনা চক্ৰত মুখ্য বক্তা হিচাপে বক্তব্য দাঙি ধৰি অসমীয়া বিভাগৰ অধ্যাপক পূৰ্ণ বৰাই কয়’ পুথিভঁৰালত মানুহৰ মানসিক আনন্দ উপলব্ধি হয় ৷পুথিভঁৰাল মহাবিদ্যালয়ৰ নান্দনিক সম্পদ ৷

’ উক্ত অনুষ্ঠানত উপস্থিত থাকে পুথিভঁৰালৰ সহকাৰী গ্ৰন্থগাৰীক জ্যোতি শইকীয়া,সহায়ক মাধৱ বৰুৱা,সুশান্ত নেওগ,অৰ্থনীতি বিভাগৰ অধ্যাপক শিৱ ফুকন,অসমীয়া বিভাগৰ অধ্যাপক প্ৰণালী শইকীয়া,ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক জয়কুমাৰ দেউৰী,কণক খণ্ডাল, দৰ্শন বিভাগৰ অধ্যাপক সোণমণি বৰা আৰু ইংৰাজী বিভাগৰ অধ্যাপক বিদ্যুত শইকীয়া ৷

লক্ষীমপুৰৰ জয়ন্ত কুমাৰ হাজৰিকা

Be the first to comment

Leave a Reply

Your email address will not be published.


*