নলবাৰীৰ বালিকৰিয়াত আছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস।
শ্বহীদ পৰিয়ালক সম্বৰ্ধনা- নাগাৰা নাম সমাৰোহেৰে ব্যাপক আয়োজন
সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস এইবাৰ নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত বালিকৰিয়া বাসুদেৱ বিদ্যাপীঠ খেলপথাৰত অনুষ্ঠিত হ’ব।নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু নলবাৰী ৰাইজৰ সহযোগত কেন্দ্ৰীয় শ্বহীদ দিৱসৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে।
ইতিমধ্যে নলবাৰী চহৰৰ পৰা বালিকৰিয়া বাসুদেৱ দেৱালয়লৈ যোৱা পথৰ দুয়োকাষে শ্বহীদ দিৱসত আমন্ত্ৰিত বিশিষ্ট অতিথি, প্ৰতিখন জিলাৰ ছাত্ৰ সন্থাৰ প্ৰতিনিধি আৰু ৰাইজক আদৰিবলৈ ভালেকেইখন তোৰনেৰে আদৰনি জনোৱাৰ বাবে সজাই পৰাই তোলা হৈছে।সিদিনা ৰাতিপুৱা জিলাখনত প্ৰায় দুই শতাধিক ছাত্ৰ ছাত্ৰী আৰু পুৰুষ মহিলাৰ এটি বিশাল দলৰ দেশপ্ৰেমমূলক গীতেৰে কেন্দ্ৰীয় শ্বহীদ দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হ’ব।আজি সন্ধিয়া শ্বহীদ ভৱনত আয়োজিত এক সংবাদমেলত কেন্দ্ৰীয় শ্বহীদ দিৱসৰ অভ্যৰ্থনা সমিতিৰ সভাপতি ড:বীৰেন চক্ৰৱৰ্তী, কাৰ্যকৰী সভাপতি ড:কমল নয়ন পাটোৱাৰী, ননী দত্ত আৰু সম্পাদকদ্বয় ভৱজিৎ বেজবৰুৱা আৰু ৰিয়াজউদ্দিন আহমেদে প্ৰকাশ কৰা অনুসৰি সিদিনা ৰাতিপুৱা ১০ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিব আছুৰ সভাপতি দীপাংক কুমাৰ নাথে।১০:১৫ বজাত শ্বহীদ তৰ্পন কৰিব সাধাৰন সম্পাদক শংকৰজ্যোতি বৰুৱাই।১০:৩০ বজাত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰিব আছুৰ মুখ্য উপদেষ্টা ড: সমুজ্বল কুমাৰ ভট্টাচাৰ্যই ।ইয়াৰ পিছত শ্বহীদ পৰিয়ালৰ সদস্য সকলে শ্বহীদৰ স্মৃতিত গছপুলি ৰোপন কৰিব।দিনৰ ১১:১৫ বজাত সৰ্বদৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত হোৱাৰ পিছত মুকলি সভা আৰু শ্বহীদ পৰিয়ালক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ’ব।আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত হ’ব লগা সভাত বিশেষ আমন্ত্ৰিত অতিথি হিচাপে অংশ গ্ৰহণ কৰিব কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপক কুমাৰ শৰ্মা। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ড:সমুজ্বল কুমাৰ ভট্টাচাৰ্য। বিশিষ্ট অতিথি হিচাপে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ উপৰি সন্মানীয় অতিথি হিচাপে আছুৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস আৰু উদ্দীপ্তজ্যোতি গগৈ।
জিলা ছাত্ৰ সন্থাৰ সভাপতি গুনজ্যোতি পাঠক আৰু সধাৰন সম্পাদক অক্ষয় ডেকা উপস্থিত থকা সংবাদমেলত অভ্যৰ্থনা সমিতিৰ সম্পাদক ভৱজিৎ বেজবৰুৱাই প্ৰকাশ কৰা অনুসৰি সিদিনা শ্বহীদ দিৱস স্থলীত থলুৱা লোক সংস্কৃতিৰ অংগ নাগাৰা নাম সমাৰোহ আৰু আয়তীৰ নাম অনুষ্ঠিত হোৱাৰ উপৰি বিশিষ্ট নাগাৰা নামৰ শিল্পী মহেশ ডেকা আৰু চণ্ডী পাটোৱাৰীয়ে নাগাৰা নাম পৰিবেশন কৰিব।ইয়াৰ উপৰি সন্ধিয়া ৮৫৫ গৰাকী শ্বহীদ সজল স্মৃতিত একোগছিকৈ বন্তি প্ৰজ্বলন কৰা হ’ব। উল্লেখ্য যে আজিৰ সংবাদমেলত প্ৰচাৰ বিভাগৰ সভাপতি ব্ৰজেন তালুকদাৰ, সম্পাদক ৰাতুল চন্দ্ৰ ডেকা,নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল বৰ্মন, সাধাৰন নৱ কুমাৰ ডেকাৰ উপৰি অভ্যৰ্থনা সমিতিৰ ভালে কেইজন বিষয়ববীয়া উপস্থিত থাকে।
নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ প্ৰতিবেদন
Leave a Reply