কমল পুৰৰ শিশু পুথি উদ্বোধন জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাৰ :
অসম খবৰ বিশ্বনাথ চাৰিআলি ৫ ডিচেম্বৰ ::
বিশ্বনাথ জিলাত বিভিন্ন গাঁৱত থকা পুথিভঁৰাল সমূহ পুনৰজীৱিত কৰাৰ বাবে আহ্বান জনালে বিশ্বনাথৰ জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাই ।
আজি বিশ্বনাথৰ কমলপুৰ প্ৰাথমিক বিদ্যালয়ত এটি শিশু পুথি ভঁৰাল উদ্বোধন কৰি হাজৰিকাই এই মন্তব্য কৰে।
বিশ্বনাথৰ কমল পুৰৰ পৰাই এই আন্দোলন আৰম্ভ হওঁক বুলি হাজৰিকাই মন্তব্য কৰে।
তেওঁ এই ক্ষেত্ৰত আছুকে বিভিন্ন সংগঠনৰ উপৰি জিলা,জিলা উপায়ুক্ত আৰু বিধায়ক সকলক এই পুথি ভঁৰাল সক্ৰিয় কৰণ কাৰ্যসূচীত সহযোগ কৰিবলৈ আহ্বান জনায়।
পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সুশীল তাঁতীৰ সভাপতিত্বত অনুষ্ঠিত সভাত আদৰণি ভাষণ দিয়ে কমলপুৰ বিশিষ্ট সমাজকৰ্মী ৰাজেন বৰাই।
অনুষ্ঠানত,মহকুমা ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ চমুৱা, সম্পাদক নিটু বৰা ,পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক অৰ্পণ বসুমতাৰী,সমাজ কৰ্মী অজিত চৌধুৰী,সাধাৰুপাৰ প্ৰথমিক বিদ্যালয়ৰ শিক্ষক দিপাঙ্কৰ বায়ন ,অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী যোগ বৰা,কমল পুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নিৰু মন্ত্ৰী, সহ শিক্ষয়িত্ৰী অনু বৰা,কলিয়া বৰা সাবিত্ৰী দাস,নাৰায়ণ দাস মাইনু বৰা আদিয়ে অংশ লয়।
আছুৰ কেন্দ্ৰীয় সদস্য ৰূপম কুমাৰ দাসে ছাত্ৰ ছাত্ৰীক পুথি গ ত জ্ঞান আহৰণ কৰিবলৈ আহ্বান জনায়।
সভাৰ উদ্দেশ্য বাখ্যা কৰে আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য পংকজ ওৰাঙে।অনুষ্ঠানৰ আঁত ধৰে আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক সুনীল তাঁতীয়ে।
বিদ্যালয়ৰ প্ৰধান নিৰু মন্ত্ৰীয়ে ৫ হাজাৰ টকা আগবঢ়াই।
ইয়াৰ উপৰি নিৰঞ্জন হাজৰিকাই এটি কিতাপৰ টোপোলা, অজিত চৌধুৰী,দীপাংকৰ বায়ন আদিয়ে আৰ্থিক অনুদান আগবঢ়ায়।শিশু ভঁৰাল টোৰ সভাপতি পংকজ ওৰাং আৰু সম্পাদক নিৰ্মল ভূঁইহৰ কে ধৰি বিষয় ববীয়াৰ শলাগ লয় উপস্থিত ৰাইজে।
অনুষ্ঠানত ছাত্ৰ ছাত্ৰীয়ে পৰিবেশন কৰা বিহু ,ঝুমুৰ নৃত্য ৰ উপৰি বহু কেইটা গীত মতে ৰাইজক আপ্লুত কৰে।
Leave a Reply