Wednesday, July 30, 2025
26 C
Guwahati
TOP NEWS:

যোৰহাট নগৰৰ মাজমজিয়াত উন্মত্ত যুৱকে মৰিয়াই মৰিয়াই হত্যা কৰিলে আছুৰ কৰ্মী অনিমেশ ভূঞাক :সামাজিক মাধ্যমত মতামত

- Advertisement -

যোৰহাট নগৰৰ মাজমজিয়াত উন্মত্ত যুৱকে মৰিয়াই মৰিয়াই হত্যা কৰিলে আছুৰ কৰ্মী অনিমেশ ভূঞাক :
ঘটনাৰ সন্দৰ্ভত এই পৰ্যন্ত ৬ জনক আটক : ধিক্কাৰ দল সংগঠনৰ ::

আজৱ দেশৰ আজৱ খবৰ সভ্য সমাজৰ অসভ্য কাণ্ড ধিক্কাৰ গৰিহণা চাৰিওফালে মাথোঁ।


উল্লেখযোগ্য যে যোৰহাট নগৰৰ মাজমজিয়াৰ নিৰ্মল চাৰিআলিৰ সমীপত AT ৰোডত সোমবাৰে বিয়লি প্ৰায় একাংশ উন্মত্ত যুৱকে মৰিয়াই মৰিয়াই হত্যা কৰিলে সদৌ অসম ছাত্র সন্থাৰ গোলাঘাট জিলা ব্ৰহ্মপুত্ৰ আঞ্চলিক সমিতিৰ শিক্ষা সম্পাদকৰ অনিমেশ ভূঞাক।
হঠাৎ তেওঁ সন্মুখত স্কুটি চলাই আহি থকা এজন লোক পথত বাগৰি পৰে।

বাগৰি পৰা লোক জন। মোহন দাস বুলি জানিব পৰা গৈছে।
বয়সীয়াল দাসক দুই বন্ধুসহ সহায় কৰিবলৈ গৈছিল অনিমেশ।

কিন্তু সুৰাসক্ত হৈ অহা বুলি অভিযোগ উঠা উক্ত ব্যক্তি জনে অনিমেশহতৰ সৈতে কাজিয়াত লিপ্ত হৈ একাংশ যুৱকক ঘটনাস্থলীলৈ মাতি দিয়ে।

আৰু যুৱকৰ দলটো ঘটনাস্থলীত উপস্থিত হৈ  অনিমেশৰ লগতে দুই বন্ধুক উপৰ্যুপৰি প্ৰহাৰ কৰে।
আৰু উন্মাদ যুৱকৰ দলটোৰ আক্ৰমণত দুৰ্ভাগ্যজনক ভাবে মৃত্যুক আঁকোৱালি লয় অনিমেশ নামৰ আছু কৰ্মী জন।

উল্লেখ্য যে এই ঘটনা সংঘটিত হোৱা স্থানৰ পৰা ৩০-৪০ মিটাৰ নিলগতে আছিল দুটা পুলিচ পইন্ট।
দিঘিল ঘিলাই থাকে যান বাহন আৰক্ষী উক্ত স্থানত ।
আন দিনাৰ দৰে সোমবাৰে ও সেই সময়ত আৰক্ষীয়ো কৰ্তব্যৰত অৱস্থাতে আছিল।

আনহাতে এই মাৰপিটৰ ঘটনা সংঘটিত কৰা যুৱকৰ দলটোত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী থকাৰ কথাও পোহৰলৈ আহিছে। ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰে জড়িত থকাৰ অভিযোগত ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে।
ইফালে এই ঘটনা লৈ উত্তপ্ত হৈ আছে যোৰহাট জিলা।
বিভিন্ন জনে গৰিহণা দিছে ধিক্কাৰ দিছে।
এই ঘটনাৰ সন্দৰ্ভত ৰাজ্য সভাৰ সাংসদ তথা জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই ক্ষোভ উজাৰি এই দৰে তেওঁ নিজৰ ফেচবুক একাউণ্ট মতামত প্ৰকাশ কৰিছে♀

https://www.facebook.com/108582397602360/posts/435517554908841/

♂”আমি ইয়াৰে ল’ৰা, আমাক নামাৰিব দাদা।”
দিন দুপৰতে যোৰহাট নগৰৰ মাজমজিয়াত অনিমেষ ভূঞা নামৰ ছাত্ৰনেতাজনক এদল উন্মাদ লোকে মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰিলে আৰু এচাম লোকে সেই কাৰ্য্যত বাধা দিয়াৰ সলনি থিয় হৈ অমানৱীয় ঘটনাৰ সাক্ষী হৈ ৰ’ল। মানৱতাক লজ্জানত কৰা এয়া প্ৰথম ঘটনা নহয়। অভি-নীল কাণ্ডৰ পুনৰাবৃত্তিৰে ৰাজ্যত আকৌ সংঘটিত হৈছে তেনে এক অমানৱীয় ঘটনা। প্ৰতিবাৰেই এদল উন্মাদ লোকৰ প্ৰহাৰত নিৰীহ লোকে নৃশংসভাৱে প্ৰাণ হেৰুৱাইছে। আগৰ ঘটনাবোৰত ন্যায়ৰ নামত কেৱল প্ৰতিবাদৰ বাদে আজিকোপতি আন একো হোৱা নাই! মানুহৰ মনত উমি উমি জ্বলি থকা হিংসাৰ দাবানলে প্ৰতিবাৰে ৰাজ্যৰ নিৰীহ লোকৰ প্ৰাণ লৈছে। এনে অমানৱীয় ঘটনাৰ পুনৰাবৃত্তিয়ে মানুহৰ মনত থকা হিংসাৰ বহিঃপ্ৰকাশ ঘটায়।

যোৰহাটৰ এই অমানৱীয় ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ইয়াৰ সৈতে জড়িত অপৰাধীক অতিশীঘ্ৰে চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবি জনাইছোঁ যাতে ৰাজ্যত পুণৰাই এনে অমানৱীয় ঘটনাৰ বলি হৈ কোনো লোকে প্ৰাণ হেৰুৱাবলগীয়া নহয়। এনে ভয়ংকৰ অপৰাধ প্ৰতিৰোধ কৰাৰ বাবে ৰাজ্যখনৰ লগতে দেশখনে শক্তিশালী লিঞ্চিং বিৰোধী আইন প্ৰণয়ন কৰক। অন্যথা ভীৰৰ মাজত আৰু কিমানজনে প্ৰাণ হেৰুৱাবলগীয়া হয় তাৰ কোনো ঠিক নাই।

এই ঘটনাৰ সন্দৰ্ভত গহপুৰ বিশিষ্ট সমাজ কৰ্মী শিক্ষক যাদৱ চলিহাই নিজৰ মতামত প্ৰকাশ কৰিছে সামাজিক মাধ্যমত
■https://www.facebook.com/100004182691798/posts/2131607323655337/

ঘটনাৰ সন্দৰ্ভত বিধায়ক ৰূপক শৰ্মা মন্তব্য

https://www.facebook.com/1532352040391883/posts/2740586759568399/

ঘটনাৰ সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক তফিক উদ্দিন আহমেদ মন্তব্য

https://www.facebook.com/100000751830245/posts/4581645018537181/

ঘটনাৰ ভিডিঅ ভাইৰেল

https://m.facebook.com/story.php?story_fbid=4442717879109918&id=100001152487849

Hot this week

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

Bajaj Finance’s Financial Literacy initiative ‘Arthsutra Samvad’ Reaches Assam’s Heartland

  The Pan-India Financial Literacy programme aims to promote...

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

Topics

Let’s Break It Down this World Hepatitis Day

Guwahati, July 28, 2025: Marking World Hepatitis Day on...

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন কোনে দখল কৰিব :

কোন হ’ব বিহালীত পৰৱৰ্তী বিধায়ক ? দিগন্ত ঘাটোৱালৰ আসন...

সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী অভিমুখে ওভতনি যাত্রা

AXIOM-4 অভিযানৰ সুভাংশু শুক্লাসহ অন্য ৩ গৰাকী মহাকাশচাৰীৰ পৃথিৱী...

Samsung India Begins Pre Orders for Galaxy Z Fold7, Galaxy Z Flip7 – The Most Advanced Galaxy Z series yet

New Delhi, July 14, 2025: Samsung, India’s largest consumer electronics...

Related Articles

Popular Categories

Assam
broken clouds
27 ° C
27 °
27 °
86 %
1.7kmh
61 %
Wed
33 °
Thu
34 °
Fri
33 °
Sat
34 °
Sun
28 °