কৃষ্ণাইৰ খৰিয়াপাৰাত সমূহীয়া ধান কটা পৰম্পৰা উৎসৱ :
গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ কাষৰীয়া খৰিয়াপাৰাত আজি দেখা গ’ল এক মনমোহা দৃশ্য ৷
খৰিয়াপাৰাৰ বিশাল পথাৰত আজি গাঁৱখনৰ পুৰুষ সকলে সমূহীয়া ভাৱে কাটিলে সোণালী ধান ৷
ধান কটাৰ মাজতে বিহু নাচি বাগি কৰিলে আনন্দ ৷
উল্লেখ্য যে খৰিয়াপাৰা গাওঁবাসীয়ে ৰাইজৰ নামত থকা মুঠ আঠ বিঘা ভূমিত সমূহীয়া ভাৱে কৰিছিল শালি ধানৰ খেতি ৷
নদন বদন কৰি বাঢ়ি অহা ধানখিনি সময়ত সোণোৱালী হৈ আহিল ৷
অৱশেষত আজি ৰাইজে লগে ভাগে আহি ধান খিনি দাই নিলে ৷
এই ক্ষেত্ৰত খৰিয়াপাৰাৰ কেইজনমান যুৱকে জনোৱা অনুসৰি এই ধান খিনি মৰণা মৰাৰ পিছত ৰাজহুৱা ভঁৰালত সংৰক্ষণ কৰা হ’ব আৰু সময়ত এই ধান বিক্ৰী কৰি পোৱা ধন খিনি ৰাজহুৱা উৎসৱ আদিত ব্যৱহাৰ কৰা হ’ব ৷
যুৱক সকলে প্ৰকাশ কৰা অনুসৰি সমূহীয়া ভাৱে এইদৰে কৃষিকাৰ্য কৰা পৰম্পৰাই খৰিয়াপাৰাবাসী ৰাইজক একত্ৰিত কৰি ৰাখিবলৈ সক্ষম হৈছে ৷
Leave a Reply