মুখ্য মন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে নিমাতী মাজুলীৰ সংযোগী দলং
মাজুলীবাসীৰ দশকজোৰা প্ৰতীক্ষা অন্ত সপোন বাস্তৱ হোৱাৰ দিশত এখোজ ।
মুখ্য মন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে নিমাতী মাজুলীৰ সংযোগী দলংৰ কাম।
মাজুলী বাসী দশকজোৰা সপোন অন্ত পেলাই সু-দীৰ্ঘ প্ৰতিক্ষাৰ অন্তত এখোজ আগোৱাই সোমবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা খুঁটাৰ আধাৰশিলা স্থাপন কৰি দলংৰ কাম শুভাৰম্ভ কৰে ।
২০১৬ চনতেই নীতিন গাডকাৰীয়ে যোৰহাট মাজুলী সংযোগী দলঙৰ ভূমি পূজনেৰে আধাৰশিলা স্থাপন কৰিছিল।
পুনৰ ২০২১ চনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰিছিল কিন্তু দুবাৰকৈ আধাৰ শিলা স্থাপন কৰাৰ পাছত তৃতীয় বাৰৰ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৰহাট মাজুলী সংযোগী দলঙৰ প্ৰথমটো খুঁটাৰ নিৰ্মাণৰ শুভাৰম্ভৰনি কৰে ।
দলংৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী সু-দীৰ্ঘ ৮কিঃ মিঃ দৈঘ্যৰ এই দলং খন ৪ বছৰত নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব বুলি উল্লেখ কৰে ।
ইয়াৰ আগতে মুখ্যমন্ত্ৰী গৰাকীয়ে শ্ৰীশ্ৰী ঔৱা সত্ৰত সেৱালৈ সত্ৰখনৰ অৱস্থা বুজ লয় ।
দক্ষীনপাটত আয়োজন কৰা ৰাজহুৱা সভাত মাজুলীৰ সাধাৰণ জনতাৰ মাজত পাৰ ভঙা উৎসাহ দেখিবলৈ পোৱা গৈছে । এই সভাতে মুখমন্ত্ৰী গৰাকীয়ে মাজুলীৰ ৫০০০ মাইক্ৰফান্সেৰ ঋণগ্ৰস্থ মহিলাক ২৫.০০০ টকাকৈ চেক প্ৰদান কৰে ।
মাজুলীৰ সত্ৰাধিকাৰ সকলে দিনটো মাজুলীবাসীৰ বাবে স্মৰণীয় দিন হিচাপে ইতিহাসত জিলিকি থাকিব বুলি উল্লেখ কৰে । মাজুলীত দিনজোৰা কাৰ্যসূচীৰ ভিতৰত উপায়ুক্ত ভৱনৰ আধাশিলা স্থাপন কৰে ।
মাজুলীৰ পৰা সহযোগী সতীৰ্থ শ্যামন্ত বৰাৰ সৈতে জয়ন্ত কুমাৰ হাজৰিকাৰ ৰিৰ্পট ।
Leave a Reply