:
কভিড-১৯ অতিমাৰিত মৃত্যু বৰণ কৰা লোকৰ বিধৱা মহিলা সকলক সকাহ দিয়াৰবাবে মুখ্যমন্ত্ৰীৰ আচঁনি তৰফৰ পৰা এককালিন সাহায্য চেক বিতৰণৰ কৰিবলৈ বুধবাৰে নলবাৰীৰ উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হয় সন্ধিয়া অসম চৰকাৰৰ বিত্তমন্ত্ৰী তথা নলবাৰী জিলাৰ অভিৱাভক মন্ত্ৰী অজন্তা নেওঁগ ।
উক্ত অনুষ্ঠানত উপস্থিত থাকে নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা,নলবাৰী জিলাৰ উপায়ুক্ত গীতিমনি ফুকন,বিজেপি জিলা সভাপতি মৃগাংক তালুকদাৰ,জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা লগতে জিলা প্ৰশাসনিক বিষয়া সকল ।
আনহাতে
নলবাৰী উপয়ুক্ত কাৰ্যালয়ত বিত্ত মন্ত্ৰী অজন্তা নেওঁগে দ্বিতীয় পৰ্যায়ত মুঠ ১৮ গৰাকী হিতাধিকাৰি মাজত ২ লাখ ৫০ হাজাৰ টকাৰ চেক বিতৰণ কৰে ।
নলবাৰীৰ ফইজুল হক চৌধুৰী
Leave a Reply