সমগ্ৰ অসমৰ লগতে নাৰায়ণপুৰৰ বিভিন্ন প্ৰান্তত লাচিত দিৱস পালন বাতৰি আহি আছে ।
ভাৰতীয় জনতা পাৰ্টীৰ লক্ষীমপুৰ জিলা সমিতিৰ উদ্যোগত নাৰায়ণপুৰ গাম্য মণ্ডল সমিতিৰ সহযোগত আজি বিধায়ক ডঃ অমিয় কুমাৰ ভূঞাৰ বিধায়ক আবাসত লাচিত দিৱস উদ্যাপন কৰে ।ইয়াৰ উপলক্ষে পুৱা লাচিতৰ প্ৰতিমূৰ্তীত বন্তী প্ৰজ্বলন কৰে বিধায়ক অমিয় কুমাৰ ভূঞাই । অৰূপ বৰাই পৰিচালনা কৰা মুল অনুষ্ঠানটোত ভাৰতীয় সেনাবাহিনীৰ প্ৰক্তন সৈনিক কাৰ্গীল যুদ্ধা শোভন চন্দ্ৰ কাকতিক সৰুদৈয়া জাপি চেলেং আৰু ফুলাম গামোছাৰে সম্বৰ্ধণা জনায় । কাৰ্গীল যুদ্ধৰ স্মৃতি ৰোমান্থন কৰি দেশৰ বাবে যুদ্ধ কৰাটো সৈনিক সকলৰ বাবে এক উৎসৱ বুলি শোভন কাকতিয়ে বক্তব্য কৰে । অনুষ্ঠানত বিধায়ক ডঃ অমিয় কুমাৰ ভূঞাই বক্তব্য প্ৰদান কৰে । সভাত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ লক্ষীমপুৰ জিলা সমিতিৰ উপ-সভাপতি ভৈৰৱ ভূঞা,সম্পাদক সঞ্জীৱ শইকীয়া , গুণাৰাম গগৈ,কোষেশ্বৰ শইকীয়াকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপষ্টিত থাকে ।ইয়াৰোপৰি লক্ষীমপুৰ জিলা ভাৰতীয় জনতা পাৰ্টীৰ যুৱমৰ্চাৰ সমিতিয়ে কেন্দ্ৰীয় ভাৱে শিমলুগুৰীত অনুষ্টিত কৰিছে ।
নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকা
Leave a Reply