Gohpur Zubin Garg Birthday Celebration
যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গক গীতেৰে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলে গহপুৰ ডাঠকলাৰ প্ৰতিভাৱান কণ্ঠশিল্পী প্ৰদীপ প্ৰধানে।
সাংবাদিক ৰমেন বৰাই লিখা, পংকজ বৰুৱাই সুৰ কৰা তথা মানস প্ৰতীম বৰাই সংগীত ব্যৱস্থাপনা গীতটো উন্মোচন কৰে জ্যোতি আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই। ডাঠকলাৰ লক্ষ্মী নাৰায়ণ মন্দিৰ ৰঙ্গমঞ্চত আয়োজিত গীত উন্মোচনী সভাখনত কেক কাটি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীৰ ওপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰা হয়।
গীত উন্মোচনী সভাখনত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।
Leave a Reply