শেহতীয়া আপডেটঃ

বিশ্বনাথ জিলাত ২৯ সংখ্যক শিশু বিজ্ঞান সমাৰোহৰ সামৰণি ডেৰ শতাধিক প্ৰকল্প অনলাইন উপস্থাপনৰে অভিলেখ সৃষ্টি

অসম খবৰ , বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ , ২২ নবেম্বৰ ঃ

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ জিলা পৰ্যায়ৰ প্ৰকল্পৰ অনলাইন উপস্থাপন আজি বিশ্বনাখ মহাবিদ্যালয়ৰ আলোচনাগৃহত সফলতাৰে সামৰণি পৰে।বিশ্বনাথ জিলাৰ বিভিন্ন বিদ্যালয়ৰ ১০বছৰৰপৰা ১৭বছৰ বয়সৰ শিশুৱে প্ৰস্তুত কৰা ডেৰশতাধিক প্ৰকল্প অনলাইন মাধ্যমৰ সহায়ত মূল্যায়ন কৰা হয়।

29th Children's Science Festival concludes in Vishwanath district

জিলা সমন্বয়ক ৰিপুঞ্জয় বৰদলৈয়ে সাংবাদিকক জনোৱামতে শৈক্ষিক সম্বয়ক ডক্টৰ দেৱাশিষ শৰ্মাৰ পৰিচালনাত প্ৰকল্পৰ বহীসমূহ আৰু ছাত্ৰ-ছাত্ৰীৰ ভিডিঅ’ সমূহ মূল্যায়ন কৰে বিশ্বনাথ কৃষি মহাবিদ্যালয় আৰু বিশ্বনাথ মহাবিদ্যালয়ৰ জেষ্ঠ অধ্যাপক ডক্টৰ প্ৰশান্ত নেওগ, ডক্টৰ ৰত্ন কিংকৰ গোস্বামী, ডক্টৰ মনোজ কুমাৰ শৰ্মা, ডক্টৰ হেমেন্দ্ৰ চৌধুৰী আৰু ডক্টৰ দেৱাশিষ শৰ্মাই।

কাৰ্যকৰী সভাপতি ৰাণা প্ৰসাদ হাজৰিকাই উদ্বোধন কৰা ২৯ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ বিশ্বনাথ জিলা সমাৰোহৰ এইবছৰৰ মূল বিষয় আছিল,‘বহনক্ষম জীৱনধাৰণৰ বাবে বিজ্ঞান’।

উক্ত মূল বিষয়ৰ অন্তগৰ্ত পাচটা উপবিষয়ৰ ওপৰত প্ৰস্তুত কৰা প্ৰকল্প সমূহৰ পৰা ১২টা প্ৰকল্প ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত কৰা হৈছে। জিলা সমন্বয়ক ৰিপুঞ্জয় বৰদলৈয়ে জনোৱামতে অহা ৬আৰু ৭ ডিচেম্বৰত অনলাইন মাধ্যমৰে অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ বিশ্বনাথ মহাবিদ্যালয়ৰ পৰা ভিডিঅ’ কনফাৰেণচিঙৰ সহায়ত অনুষ্ঠিত কৰা হ’ব।

29th Children's Science Festival concludes in Vishwanath district

বৰগাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ মহেশ গোৱালাৰ, ‘ফটিকাৰ সহায়ত কম খৰছী চেনিটাইজাৰ প্ৰস্তুতকৰণ’, কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গুঞ্জনজ্যোতি শইকীয়াৰ,‘তপা ব্যক্তিসকলৰ বাবে উত্তম থলুৱা ঔষধ প্ৰস্তুতকৰণ, নেহেৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হিৰকজ্যোতি বৰাৰ,‘সামাজিক দূৰত্ব নিৰূপক যন্ত্ৰৰ উদ্ভাৱন’, ডিলাপখৰা বহুমুখী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ইভলিন বৰাৰ,‘পেলনীয়া বটল আৰু পলিথিন বেগৰ সহায়ত পঘা প্ৰস্তুতকৰণ’, পশ্চিম কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰক্তোতপল হাজৰিকাৰ,‘থলুৱা পদ্ধতিৰে সংৰক্ষণ কৰা শস্যৰ বীজ কৃষকৰ বাবে অধিক লাভদায়ক’, শ্বহীদ মুকুন্দ কাকতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ দেৱকুমাৰ তাঁতিৰ,‘পেলনীয়া চুলিৰ লাভদায়ক ব্যৱহাৰ’, ডুবিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৰ্ণবজ্যোতি শইকীয়াৰ,‘নিম’নিয়া প্ৰতিৰোধত সোণবড়িয়াল গছৰ শিপা’, লুহিতমুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ মণি ডলেৰ,‘চুলি সৰা আৰু উফি প্ৰতিৰোধত শিমলু গছৰ চেম্পু’, চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ আজনোৰা বেগমৰ, ‘বজাৰত উপলব্ধ কৃত্ৰিম পানীয় আৰু নাৰিকল পানীৰ এক তুলনাত্মক অধ্যয়ন’, চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লিলি বৰাৰ,‘বহিৰাগত অপতৃণ সমূহে স্থানীয় শস্যৰ উৎপাদনত পেলোৱা প্ৰভাৱ অধ্যয়ন’, শংকৰদেৱ শিশু বিদ্যান নিকেতনৰ দিগন্ত কলিতাৰ,‘বানপানী অধ্যূষিত অঞ্চলৰৰ বাবে অনাময় ব্যৱস্থা’ আৰু লিটল ষ্টাৰ স্কুলৰ অন্তৰীপ পাঠকৰ,‘বিশ্বনাথ চাৰিআলিৰ ডাম্পিং গ্ৰাউণ্ডে স্বাস্থ্যৰ প্ৰতি সৃষ্টি কৰা ভাবুকি আৰু নিৰাময়ৰ উপায়’।

29th Children's Science Festival concludes in Vishwanath district

বিশ্বনাথ জিলাৰ পৰা ২৯ সংখ্যক ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত ১২গৰাকী শিশুবিজ্ঞানী আৰু প্ৰকল্পৰ সহযোগী, তত্ত্বাৱধায়ক, বিদ্যালয়ৰ প্ৰধান সকলক বিশ্বনাথ জিলাৰ অতিৰিক্ত উপাযুক্ত ডক্টৰ সূৰ্য কমল বৰা, শিক্ষা বিষয়া ৰবীন্দ্ৰ হাজৰিকা আৰু বেদব্ৰত বৰাই শুভেচ্ছা জনোৱাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো অসমৰ নাম জিলিকাবলৈ অনুপ্ৰেৰণা যোগায়।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.