হাজো উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান আঞ্চলিক ছাত্ৰ সন্থা :

হাজো নলবাৰী ঘাইপথ পুণৰ নিৰ্মানৰ লগতে হাজো অঞ্চলৰ বিভিন্ন জৰাজীৰ্ণ পথ-দলং সমূহ অতি শীঘ্ৰে পুণৰ নিৰ্মাণ আৰু মেৰামতি কৰাৰ দাবীত হাজো ৰাজহ চক্ৰ জৰিয়তে বৃস্হপতি বাৰে উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ছাত্ৰ সন্থাই ।

ঐতিহ্যবহন কৰি অহা প্ৰসিদ্ধ তীৰ্থনগৰী হাজোৰ মূল ঘাইপথ বিগত তিনি বছৰতকৈ অধিক সময় ধৰি হাজো নলবাৰী পথটো জৰাজীৰ্ণ হৈ থকাৰ লগতে হাজো ৰাজহচক্ৰৰ অন্তৰ্গত কেইবাখনও গাওঁৰ সৰু বৰ পথ মূল ঘাইপথৰ লগত সংযোগী হৈ আছে।

এই নিম্ন লিখিত জৰাজীৰ্ণ পথ আৰু দলংৰ বাবে সাধাৰণ জনতা ক্ষতিগ্ৰস্ত হৈছে।

বিশেষকৈ চিকিৎসালয়লৈ সময়মতে ৰুগী গৈ নোপোৱা, সময়মতে ছাত্ৰ-ছাত্ৰী সকল স্কুল কলেজলৈ গৈ নোপোৱা দৃষ্টি গোচৰ হৈছে এই পথ চোৱাত বিগত সময়ত পথচাৰী দুৰ্ঘটনাত পতিত হৈ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে প্ৰাণহানি ও হোৱা দেখা গৈছে এই সমূহ ঘটনা বা দূৰ্ঘটনা হাজো অঞ্চলৰ সচেতন ৰাইজৰ লগতে হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ দৃষ্টিগোচৰ হোৱাত বৃস্হপতিবাৰে হাজো আঞ্চলিক ছাত্ৰ সন্থাই এখনি স্মৰণ পত্ৰ প্ৰদান কৰে জিলা উপায়ুক্তলৈ।

উক্ত পথ সমূহৰ দলং সমূহ পুনৰ নিৰ্মাণ তথা মেৰামতি কৰাৰ বাবে বিভাগক বহু বাৰ লিখিত ভাৱে জনাই আছুৱে অৱগত কৰি আহিছিল যদিও কোনো গুৰুত্ব নিদিয়াত পুনৰ হাজো আঞ্চলিক ছাত্ৰ সন্থাই জৰাজীৰ্ণ পথ ও দলংসমূহ শীঘ্ৰে মেৰামতি কৰি যাতায়তৰ সু-ব্যৱস্থা কৰি দিবলৈ স্মাৰক পত্ৰৰ জৰিয়তে দাবী জনাই।

অন্যথা ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত ভবিষ্যতে ভয়াবহ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল’বলৈ বাধ্য হ’ব বুলি ছাত্ৰ সন্থাই প্ৰকাশ কৰে।

হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নৱজ্যোতি দাস, সম্পাদক তপন দাস, ছাত্ৰ কৰ্মী ছিদ্দিক আহমেদৰ
নেতৃত্বত থকা সজাতি দলটোৱে স্মাৰক পত্ৰ প্ৰদান কৰি হাজো অঞ্চলৰ ৰাইজৰ এই সমস্যা সমূহ সমাধান দাবী জনাই।

এই স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচীত উপস্থিত থাকে ছাত্ৰ কৰ্মী ছিদ্দিক আহমেদৰ লগতে ছাত্ৰ সন্থাৰ ভালে সংখ্যক কৰ্মকৰ্তাই।

Be the first to comment

Leave a Reply

Your email address will not be published.


*