১৪ বছৰৰ পিছত নিজ ঘৰত উপস্থিত এজন বিশেষ ব্যক্তি : পৰেশ বৰুৱাক কি আহ্বান জনালে কোনে ?Video

 

সুদীৰ্ঘ ১৪ বছৰৰ পিছত নিজ গাঁৱত উপস্থিত হ’ল এসময়ৰ সশস্ত্ৰ সংগঠনৰ দুধৰ্ষ নেতা চাৰচিং ইংতি কাঠাৰ ওৰফে আই কে সংবিজিত ৷

গাঁৱলৈ আহি আলফা স্বাধীনৰ আৰু পৰেশ বৰুৱাক বিশেষ আহ্বান জনালে সংবিজিতে ৷

এসময়ৰ এনডিএফবিৰ দুধৰ্ষ নেতা চাৰচিং ইংতি কাঠাৰ ওৰফে আই কে সংবিজিত।
সুদীৰ্ঘ ১৪ বছৰৰ পিছত নিজ গাঁৱত উপস্থিত হয়
শুক্ৰবাৰে ।

এই চাৰ সিং ইংতি কাঠাৰ কিছু দিন আগলৈকে ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ বাবে এক মূৰৰ কামোৰণি হৈ আছিল । যাৰ নেতৃত্বতে এনডিএফবিয়ে ৰাজ্যৰ বিভিন্ন স্থান তেজৰে ৰাঙলী কৰি আৰক্ষী প্ৰশাসনৰ আৰু সাধাৰণ ৰাইজ বাবে সন্ত্ৰাস সৃষ্টি কৰিছিল । কিন্তু
সেই চাৰচিং ইংতি কাঠাৰ ওৰফে সংবিজিত কিন্তু কিছুদিন পূৰ্বে ওভতি আহিল মূল সুঁতিলৈ ।

সংবিজিতৰ ঘৰ আছিল বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৰ চেলাইখাটি গাঁৱত । সৰুতেই নিজৰ গাঁও, নিজৰ পৰিয়াল সকলোকে এৰি সংবিজিত গুচি গৈছিল জংঘললৈ ।

শুকুৰবাৰে তেওঁ পুনৰ নিজ গাঁওখনলৈ, নিজৰ আপোন মানুহবোৰৰ ওচৰলৈ উভতি আহিছে সুদীৰ্ঘ ১৪ বছৰৰ মূৰত ।

সশস্ত্ৰ সংগঠন ত্যাগ কৰি মূল সুঁতিলৈ ওভতি আহি সশস্ত্ৰ সংগঠনৰ নেতা গৰাকীয়ে আন আন সশস্ত্ৰ সংগঠনৰ আৰু বৰ্তমানৰ চৰকাৰৰ লগত কৰিলে কাৰ্বি শান্তি চুক্তি ।
কাৰ্বি জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যা সমূহ সমাধানৰ চুক্তি কৰি পুনৰ শুকুৰবাৰে নিজ গাঁওখনলৈ ওভতি অহা সংবিজিতক বিশ্বনাথ জিলা কাৰ্বি সমাজে ব্যাপকভাৱে আদৰণী জনায় ।

আনহাতে, বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৰ সোনাজুলী আৰু ভিমাজুলী হত্যা কাণ্ডৰ ক্ষেত্ৰতো নাম সাঙোৰ খাই আছিল সংবিজিতৰ ।
এই সন্দৰ্ভত নেতা গৰাকীয়ে দুখ প্ৰকাশ কৰি কয় যে সেই হত্যাকাণ্ডত তেওঁ জড়িত নাছিল ।

যিসকল লোক জড়িত আছিল ইতিমধ্যে তেওঁলোক কাৰাগাত বন্দী হৈ আছে । এই সময়তে নেতা গৰাকীয়ে আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাকো মূল সুঁতিলৈ ওভতি আহি আলোচনা প্ৰক্ৰিয়াৰে সমস্যা সমূহ সমাধান কৰাৰ বাবে আহবান জনালে ।
ইফালে এই অনুষ্ঠান উপস্থিত থাকে বিশ্বনাথৰ বিধায়কক প্ৰমোদ বৰঠাকুৰ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*