বিশ্বনাথৰ ধুলীত আটছাৰ প্ৰাথমিক গোট গঠনৰ সভা সম্পন্ন ৷
ৰমেশ চন্দ্ৰ চৰেণ’ৰ , ৪ নবেম্বৰ ঃ অসম চাহ জনজাতি ছাত্র সন্হা বিশ্বনাথ শাখা সমিতিৰ নিৰ্দেশ মৰ্মে বিশ্বনাথ শাখাৰ অন্তৰ্গত ধূলি প্ৰাথমিক গোট গঠনৰ সভাখন বিশ্বনাথ শাখা আটছাৰ উপ-সভাপতি কিৰন ওৰাঙৰ সভাপতিত্বত অলপতে অনুষ্ঠিত হৈ যায় ৷ উক্ত সভাত অমৃত দ্বীপক সভাপতি আৰু সুৰজ চিকাক সম্পাদক হিচাবে লৈ ৩১ জনীয়া এক শক্তিশালী প্ৰাথমিক গোট গঠন কৰা হয় ৷ সভাত বিশ্বনাথ শাখা আটছাৰ ভাৰপ্ৰাপ্ত সম্পাদক বিকাশ কুৰ্মি সহ-সম্পাদক ক্ৰমে সদানন্দ তাঁতী, জ্যোতিশ তাঁতী, প্ৰচাৰ সম্পাদক বিসেশ্বৰ বেনিয়া,ধূলি উপ-শাখাৰ সহ-সম্পাদক ৰাজ চোনা, ধূলি প্ৰাথমিক গোটৰ উপদেষ্টা অমল নাগ আৰু ৰিচাৰ্ড মহানন্দকে প্ৰমুখ্য কৰি কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে । নৱ গঠিত ধূলি প্ৰাথমিক গোটৰ সভাপতি, সম্পাদক প্ৰমুখ্যে সকলো বিষয়ববীয়াক আটছাৰ বিশ্বনাথ শাখা সমিতিৰ তৰফৰ পৰা প্ৰীতি ভৰা শুভেচ্ছা আৰু অভিনন্দন জনাই ।
প্ৰেৰক – ৰমেশ চন্দ্ৰ চৰেণ
Leave a Reply