বহিঃৰাজ্যত পুনৰ অসমৰ যুৱক মৃত্যু

 

ধনৰ অভাৱৰ বাবেই পৰিয়ালে আনিব নোৱাৰিলে মৃতদেহ :

শিৱসাগৰ জিলাৰ বকতা ১নং কোঁৱৰ গাঁৱৰ ত্ৰৈলোক্য বৰগোহাঁই(৩০)য়ে পোন্ধৰ দিন পূৰ্বে গৈছিল কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যৰ বাংগালোৰৰ মইচু চুৰিয়া বেকাৰীলৈ। 

শিৱসাগৰ ১ নৱেম্বৰ :

বহিঃৰাজ্যৰ এটা বিশুদ্ধ খোৱা পানীৰ কোম্পানীত কৰ্মৰত আছিল যুৱকজন।

তিনিদিনৰ পূৰ্বে  হঠাৎ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে  যুৱকজন।

অসমত কৰ্ম সংস্থাপন নাপাই বহিঃৰাজ্যত কৰ্মসংস্থাপনৰ বাবে গৈছিল বকতা এক নং কোঁৱৰ গাঁৱৰ যুৱক ত্ৰৈলোক্য বৰগোঁহাই নামৰ যুৱক জন।

কিন্তু ধনৰ অভাৱৰ বাবেই তেওঁৰ মৃতদেহ চমজি ল’ব নোৱাৰিলে পৰিয়ালৰ লোকে।

যুৱকজনৰ মৃত্যু হোৱা খবৰ পৰিয়ালৰ লোকক বন্ধুবৰ্গই খবৰ দিয়াৰ পিছতেই এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে বকতা এক নং কোঁৱৰ গাঁৱৰ ত্ৰৈলোক্য বৰগোঁহাইৰ বাসগৃহ।

ত্ৰৈলোক্য বৰগোঁহাইৰ দৰে বহু অসমৰ যুৱক-যুৱতী আজি কৰ্মৰত বহিঃৰাজ্যত।অসমত কৰ্মসংস্থান নাপাই এইদৰে বহু দৰিদ্ৰ পৰিয়ালৰ যুৱক-যুৱতী বহিঃৰাজ্যত কৰ্মৰত।কিন্তু অসম চৰকাৰৰ একো সা-সুবিধা নোপোৱাৰ বাবেই আজি এইদৰে মৃত্যুক সাবটি লোৱাৰ পিছতো তেওঁক শেষ মুহূৰ্তত দেখা নাপালে পৰিয়ালৰ লোকে।

আনহাতে এনে ঘটনা দুভাগ্যজনক আখ্যা দিছে বিভিন্ন দল সংগঠনে।

ত্ৰৈলোক্য বৰগোহাঁইৰ পৰিয়ালৰ আহ্বান অসম চৰকাৰলৈ বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতীৰ ক্ষেত্ৰত সহায়ৰ হাত নাইবা বিশেষ আঁচনি গ্ৰহণ কৰাৰ লগতে অসমতে কৰ্মসংস্থাপনৰ বাট মুকলি কৰি দিবলৈ।

প্ৰেৰক : পাৰ্থ প্ৰতিম বৰুৱাৰ

Be the first to comment

Leave a Reply

Your email address will not be published.


*