৫৮ নং তামুলপুৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত অধ্যক্ষ অশোক ভট্টাৰায়:
দৰঙাজুলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত অধিকাংশ গোর্খা জনবসতিপূৰ্ণ অঞ্চলত উপস্থিত হৈ ৰাইজৰ লগত মত বিনিময় কৰে ৫৮ নং তামুলপুৰ সমষ্টি ভোটৰ সকলৰ সৈতে সোমবাৰে অসম ৰাজ্যৰ পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টাৰায়:
সভাত গোর্খা সমুদায়ৰ লোক সকলৰ অভাৱ অভিযোগ বোৰৰ বুজ লোৱা লগতে সমস্যাবোৰ অতি শীঘ্ৰে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰ খনে সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰে ভোটাৰ সকলক ।
অহা ৩০ অক্টোবৰ তাৰিখে হ’ব লগীয়া উপ-নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনাই ভোটাৰ সকলক ।উক্ত সভাত বৰছলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু , মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ লগতে দলীয় নেতৃবৃন্দ উপস্থিত থাকে।
Leave a Reply