বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ শিৱসাগৰ নাজিৰাত ভেকুলীৰ বিয়া :
আধুনিকতাৰ ধামখুমীয়াৰ মাজতো ৰাইজে বৰষুণ বিচাৰি পাতিলে ভেকুলী বিয়া :
অসম মূলতঃ কৃষি প্ৰধান দেশ। কৃষিৰ বাবে পানীৰ প্ৰয়োজন। কৃষিৰ বাবে প্ৰয়োজনীয় পানীৰ বাবে খেতিয়কসকলে প্ৰায়ে প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হয়। কেতিয়াবা খেতিৰ ভৰপকৰ সময়তো বতৰ খৰাং হয় আৰু পথাৰে চিৰাল ফাঁট দিয়ে।বিগত সময়ছোৱাত দেখা গৈছে প্ৰকৃতিয়েও লৈছে অনন্য ৰূপ।ঠাইয়ে ঠাইয়ে নাই বৰষুণ।ফলত প্ৰসৰ ৰ’দ কৃষি পথাৰত নাই পানী।
বৰষুণৰ বাবে ভেকুলীৰ বিয়া পাতিলে শিৱসাগৰ নাজিৰাৰ কপহুৱা গাঁৱ আৰু ৰেৱতী কপহুৱা গাঁৱৰ ৰাইজে ৷ বহু দিন ধৰি বৰষুণ নোহোৱাৰ বাবে কৃষি পথাৰত উপযুক্ত পানী নোপোৱাৰ বাবেই কৃষি পথাৰ শুকাই যোৱাত পানীৰ বাবে নাজিৰাৰ কপহুৱা আৰু ৰেৱতী কপহুৱা গাঁও বাসী ৰাইজে জীয়াতু ভুগিব লগা হৈছে ।
এই ভেকুলী বিয়াতেই দেখা গ’ল দুটাকৈ ভেকুলীক নোৱাই-ধুৱাই বিয়াৰ বাবে ৰাইজে সাজু কৰে দৰা-কইনাৰ বাবে।সচৰাচৰ বিবাহৰ দৰেই এই ভেকুলী বিয়াতো জোৰোণ দিয়া,পানী তুলি বিয়ানাম গাই,উৰুলি দি গাঁৱৰ ৰাইজে ভোজ-ভাত খাই সম্পন্ন কৰে অসমীয়া লোকাচাৰত চলি অহা এনে ভেকুলী বিয়া।
Leave a Reply Cancel reply