দেওবাৰে ৫৮ নং তামুলপুৰ সমষ্টিৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত উপস্থিত হয় ৰাইজৰ লগত মত বিনিময় কৰে বিজেপি নেতা তথা অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায় ।
সভাত গোর্খা সমুদায়ৰ লোকসকলৰ অভাৱ অভিযোগ বুজ লোৱা লগতে সমস্যাবোৰ অতি শীঘ্ৰে ভাৰতীয় জনতা পাৰ্টি চৰকাৰে সমাধান কৰা কথা প্ৰকাশ কৰে ভট্টৰায় সভাত।
অহা ৩০ অক্টোবত হ’ব লগীয়া উপ-নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনাই । সভাত ভাৰতীয় জনতা পাৰ্টি, ইউ.পি.পি.এল আৰু অসম গণ পৰিষদৰ নেতৃবৃন্দ উপস্থিত থাকে।
Leave a Reply