বিশ্বনাথ চাৰিআলি অৰিয়েন্ট ফ্লাৱাৰ কণিষ্ঠ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ শিক্ষা বর্ষৰ আৰম্ভ

 

বিশ্বনাথ চাৰিআলি
অৰিয়েন্ট ফ্লাৱাৰ কণিষ্ঠ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ শিক্ষা বর্ষৰ আৰম্ভ :


দেওবাৰে বিশ্বনাথ চাৰিআলি অৰিয়েন্ট ফ্লাৱাৰ কণিষ্ঠ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ শিক্ষা বর্ষৰ আৰম্ভ হয়।
দেওবাৰে এই শিক্ষা বৰ্ষৰ আনুষ্ঠানিক ভাৱে এখন অনলাইন জৰিয়তে সভা অনুষ্ঠিত কৰি এই শুভাৰম্ভ কৰে মহাবিদ্যালয় খনৰ কতৃপক্ষই ।
গীত মাতেৰে আৰম্ভ হোৱা অনুষ্ঠানটো সভাখন উচ্চ মানদণ্ডৰে জীপাল কৰি তুলে।
অনুষ্ঠানটিৰ আত ধৰে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ অভিজ্ঞান সিং ৰাঠোৰ আৰু অনন্যা শইকীয়াই।
অধক্ষা মীনা দেৱীৰ আদৰণী ভাষনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত ছাত্র-ছাত্ৰীক উদ্দেশ্য কৰি বক্তব্য প্ৰদান কৰে ।
ইফালে কনিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী মাধুৰীমা শৰ্মা গোস্বামী আৰু শিক্ষক সঞ্জয় শইকীয়া ডাঙৰীয়াই ও বক্তব্য প্ৰদান কৰে।ছাত্ৰ-ছাত্ৰী সকলৰ ফালৰ পৰা বক্তব্য প্ৰদান কৰে মোহনজ্যোতি শৰ্মা, অদিতি শইকীয়া, অপৰাজিতা হাজৰিকা, ৰোহিত তামাঙ,আকাংক্ষিতা মহন্ত,ৰিতু বাৰ্মা আৰু লক্ষ্য জ্যোতি ডেকাই।
অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে গুৱাহাটী IIT ৰ অধ্যাপক আৰু কৃতী গৱেষক ড° মৃণালকান্তি দত্ত । দত্তই ছাত্র- ছাত্ৰী সকলক নিজৰ লগতে সমাজ আৰু দেশৰ অৰ্থনীতিত অৰিহণা যোগাব পৰাকৈ নিজকে উপযুক্ত কৰি তোলাৰ। বাবে প্ৰয়োজনীয় প্ৰচেষ্টাৰ ওপৰত অতি সুন্দৰ ৰূপত আলোকপাত কৰে ।সভাত সমল ব্যক্তি হিচাপে শ্বিলং ৰ চেইণ্ট এণ্ঠনীজ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপক ড° কিশোৰ সিং ৰাজপুত ই ছাত্ৰ ছাত্ৰী সকলক এক নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি শিক্ষা জীৱনত কেনেধৰণে আগুৱাই যাব পাৰি এই বিষয়ে তেখেতৰ অভিজ্ঞতাপুষ্ট পৰামৰ্শ দাঙি ধৰে ।শিক্ষা বৰ্ষটি আনুষ্ঠানিক ভাৱে মুকলি কৰি ছাত্ৰ – ছাত্ৰীসকলৰ মনোগ্ৰাহী হোৱাকৈ এক উচ্চ মানদণ্ডৰ ভাষণ প্ৰদান কৰে ঐতিহ্যমণ্ডিত বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° চিন্তামনি শৰ্মাই ।জীৱনত হতাশা আৰু নিৰাশাৰ আঘাত নেওচি নিজা পৰিশ্ৰমৰ দ্বাৰা কেনেকৈ সফলতা অৰ্জন কৰিব পাৰি, তাৰ বহু উদাহৰণ তেখেতে দাঙি ধৰা লগতে ছাত্ৰ- ছাত্ৰীক উদ্দেশ্যি চমু শুভেচ্ছাবাণী প্ৰদান কৰি এটি সুন্দৰ জ্যোতি সংগীত পৰিবেশন কৰে বৰঙাবাৰীৰ বিশিষ্ট শিক্ষক ৰবীন্দ্ৰ কাকতিয়ে । প্ৰাক্তন ছাত্ৰ নিশাদ ৰঞ্জন গগৈ আৰু তেওঁৰ ভাতৃ অৰ্ণৱ গগৈয়ে যুটীয়াভাবে দুটিকৈ সুন্দৰ গীত পৰিবেশন কৰে। লগতে বিশ্বনাথৰ স্থানীয় শিল্পী আৰু প্ৰাক্তন ছাত্ৰী দিম্পি দাসৰ গীত পৰিবেশন অনুষ্ঠানটিৰ অন্যতম আকৰ্ষণ আছিল ।এনে এক উচ্চ মান বিশিষ্ট অনুষ্ঠান আয়োজন ফলত মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীসকলে যথেষ্ঠ পৰিমাণে উপকৃত হোৱাৰ ফলত কলেজ কৰ্তৃপক্ষক আৰু শিক্ষক শিক্ষয়ত্ৰীসকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰদান কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*