■ নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তৰ্গত ফুলবাৰী অঞ্চলত এটি ১২ বছৰীয়া শিশুৰ আত্মহত্যক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্র অঞ্চলত।
পিতৃ ৰাতুল শৰ্মা আৰু মাতৃ বিভা দেৱীৰ একমাত্ৰ পুত্ৰ সন্তান কৃতীৰাজ শৰ্মাই আজি আবেলি প্ৰায় পাঁচ বজাত নিজৰ ভনীয়েকৰ সৈতে খেলি থাকোতে হঠাৎ নিজৰ ঘৰৰ কাষৰেই সৰু গছ এজোপাত চিপ লৈ আত্মহত্যা কৰাত মৃয়মান হৈ পৰিছে স্থানীয় লোকসকল। লগে লগে ওচৰ চুবুৰীয়াই শিশুজনৰ নিঠৰ দেহটো গছৰপৰা নমাই ছহীদ মুকুণ্ড কাকতি অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়। বনগাঁও হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ কৃতিৰাজ শৰ্মাৰ এই আত্মহত্যাক আত্মহত্যা হিচাবে মানি লব পৰা নাই ওচৰ চুবুৰীয়াই। ওচৰ চুবুৰীয়াৰ মতে খেলি থাকোতে ধেমালিতে ডিঙিত ৰছী লৈ ৰং ধেমালি কৰি থাকোতে দুৰ্ঘটনাক্ৰমে এই ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰে৷
Leave a Reply