গৰাখহনীয়াত জাহ যাবলৈ সাজু এখন চৰকাৰী বিদ্যালয়ঃ যিকোনো মুহুৰ্ততে নৈৰ বুকুত বিলীন হ’ব পাৰে বিদ্যালয় খনঃ বিধায়ক, জিলা প্ৰশাসন, জলসম্পদ মন্ত্ৰী, মুখ্যমন্ত্ৰী লৈ অনুৰোধ ৰাইজৰ

♦বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত নাম্বাৰপাৰা উত্তৰ পশ্চিম প্ৰাথমিক বিদ্যালয় লৈ নামি আহিছে ভয়ংকৰ বিপদ। যোৱা কিছুদিন ধৰি মানাহত অব্যাহত আছে গৰাখহনীয়া। যি গৰাখহনীয়াৰ কৱলত পৰিছে নাম্বাৰপাৰা উত্তৰ পশ্চিম প্ৰাথমিক বিদ্যালয় খন। বিদ্যালয় খনৰ পৰা মাত্ৰ কেইহাতমাত দূৰত্বত আহি পাইছে নদীখন। ক’বলৈ গলে মাত্ৰ এটা চপৰাৰ ওপৰত যেন উলমি আছে উক্ত প্ৰাথমিক বিদ্যালয় খন।

বিদ্যালয় খন মানাহ নৈৰ বুকুত যিকোনো মুহুৰ্ততে জাহ যোৱাৰ সম্ভাৱনাই দেখা দিছে। প্ৰধান শিক্ষকে জানিবলৈ দিয়া মতে ইতিমধ্যে বিদ্যালয় খনৰ ৰান্ধনী ঘৰ আৰু শৌচালয় নৈৰ বুকুত উঠি গৈছে। এতিয়া বাকী আছে দুটা শ্ৰেণী কোঠা যেন জাহ যোৱাৰ উপক্ৰম।

এই সম্পৰ্কে বিভাগীয় কৰ্তৃপক্ষ জনোৱাৰ পিছত জিলা উপায়ুক্তকে আদি কৰি বিভিন্ন পৰ্যায়ৰ বিষয় ববীয়া সকল আহি বিদ্যালয় খন পৰিদৰ্শন কৰি গৈছিল যদিও আজোকোপতি কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হোৱা নাই। বিদ্যালয় খনত প্ৰায় ডেৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰে বিদ্যালয়। বিদ্যালয় খন জাহ যোৱাৰ লগে লগে মূৰত সৰগ ভাগি পৰা যেন হ’ব এই বৃহত্তৰ অঞ্চলৰ কণ কণ ল’ৰা ছোৱালীৰ বাবে। যিকোনো মুহুৰ্ততে মানাহৰ বুকুত বিলীন হৈ যাব পাৰে বিদ্যালয় খন।


শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনাই দেখা দিয়াৰ বাবে বিধায়কৰ পৰা আৰম্ভ কৰি জিলা প্ৰশাসন, জলসম্পদ মন্ত্ৰী, মুখ্যমন্ত্ৰীক বিদ্যালয় খন ৰক্ষা কৰাৰ বাবে অনুৰোধ জনাইছে প্ৰধান শিক্ষকৰ লগতে স্থানীয় ৰাইজে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*


This site uses Akismet to reduce spam. Learn how your comment data is processed.