31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথ জিলা কাৰাগাৰত ৭২তম বন মহোৎসৱ পালনঃ গছ থাকিলেহে মানুহ থাকিব-জিলা কাৰাগাৰ অধীক্ষক দেবানন্দ নাথ

    ১৫ মে’ তাৰিখে পাৰিপাৰ্শ্বিক দিৱস আৰু বিশ্ব পৰিৱেশ দিৱস লগত সংগতি ৰাখি ৫ জুন তাৰিখে কাৰাগাৰ খনত কৰ্মত বিষয়া কৰ্মচাৰী তথা তেওঁ লোকৰ পৰিয়াল বৰ্গৰ আৰু কাৰাবাসী সকলে শতাধিক গছ পুলি ৰোপণ কৰিছিল। ইফালে নিকটৱৰ্তী চাহ বাগিচাৰ সমূহত কাৰাগাৰ কৰ্তৃপক্ষই দুই শতাধিক সৰ্প গন্ধা গছ পুলি প্ৰদান কৰা লগতে কাৰাগাৰ কৰ্তৃপক্ষই জিলা কাৰাগাৰ চৌহদ ৰোপণ কৰা দেখা গৈছে

    ◊ ১ জুলাইৰে পৰা সমগ্ৰ ৰাজ্যত আৰম্ভ হোৱা ৭২ তম বন মহোৎসৱ আজি সামৰণি পৰে।  এই অনুষ্ঠানৰ অংশ হিচাপে ১ জুলাইৰ পৰা ৭ জুলাই তথা বুধবাৰলৈকে সমগ্ৰ ৰাজ্য লগতে বিশ্বনাথ জিলা কাৰাগাৰতো বন মহোৎসৱৰ লগত সংগতি ৰাখি গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰে জিলা কাৰাগাৰ কৰ্তৃপক্ষই। উল্লেখযোগ্য যে, বিশ্বনাথ জিলা কাৰাগাৰ কৰ্তৃপক্ষৰ প্ৰতি জন কৰ্মচাৰী পৰিয়ালবৰ্গই আৰু কাৰাবাসী সকলে ‌এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

    কাৰাগাৰ চৌহদৰ চৌপাশ পৰিস্কাৰ পৰিচন্ন ৰখাৰ উপৰিও কাৰাবাসী সকলে যাতে প্ৰকৃতিক নান্দিনক সেউজীয়া পৰিৱেশৰ লগত এক নিৱিৰ সম্পৰ্ক ৰক্ষা কৰি নিজৰ শাৰিৰীক মানসিক আৰু স্থিতি সবল কৰি তুলাৰ লগতে কাৰাগাৰ চৌহদ যাতে এক বিৰল প্ৰকৃতি পৰিৱেশ বিৰাজ কৰি তুলিব পাৰে তাৰ প্ৰচেষ্টাৰে অগ্ৰসৰ হৈছে বিশ্বনাথ জিলা কাৰাগাৰ কৰ্তৃপক্ষ৷ এই বন মহোৎসৱৰ ওপৰিও চলিত বৰ্ষৰ ১৯ ফেব্ৰুৱাৰী তাৰিখে কাৰাগাৰ কৰ্তৃপক্ষই সম্পূৰ্ণ নিজা উদ্যোগত শতাধিক ফল মুলৰ গছ পুলি কাৰাগাৰ বেন্টনীৰ ভিতৰত ৰোপন কৰা পৰিলক্ষিত হয়।

    ইয়াৰ উপৰিও ১৫ মে’ তাৰিখে পাৰিপাৰ্শ্বিক দিৱস আৰু বিশ্ব পৰিৱেশ দিৱস লগত সংগতি ৰাখি ৫ জুন তাৰিখে কাৰাগাৰ খনত কৰ্মত বিষয়া কৰ্মচাৰী তথা তেওঁ লোকৰ পৰিয়াল বৰ্গৰ আৰু কাৰাবাসী সকলে শতাধিক গছ পুলি ৰোপণ কৰিছিল। ইফালে নিকটৱৰ্তী চাহ বাগিচাৰ সমূহত কাৰাগাৰ কৰ্তৃপক্ষই দুই শতাধিক সৰ্প গন্ধা গছ পুলি প্ৰদান কৰা লগতে কাৰাগাৰ কৰ্তৃপক্ষই জিলা কাৰাগাৰ চৌহদ ৰোপণ কৰা দেখা গৈছে।

    ইফালে বন বিভাগৰ দ্বাৰা কাৰাগাৰত কৰ্তৃপক্ষক প্ৰদান কৰা বিভিন্ন বন ঔষধি ফল-মূলৰ গছ পুলি প্ৰদান কৰে। আন হাতে বন মহোৎসৱৰ লগত সংগতি ৰাখি জিলা কাৰাগাৰ কৰ্তৃপক্ষই যোৱা সপ্তাহ যোৱা কাৰ্যসূচীত প্ৰায় চাৰি শতাধিক গছ পুলি ৰোপণ কৰে জিলা কাৰাগাৰ চৌহদত। এই কাৰ্যসূচী সমূহ সফল কৰাত বিশেষ ভুমিকা গ্ৰহণ কৰা দেখা গ’ল জিলা কাৰাগাৰ অধ্যক্ষ ৰবিৰাম ইংতি, সহ কাৰাধক্ষ্য মানস প্ৰতিম বুঢ়াগোহাঁই লগতে প্ৰধান কাৰাৰক্ষী ৰগেন পুমা, তথা সমূহ কৰ্মচাৰী সমূহ।

    আনহাতে ১ জুলাই পৰা আৰম্ভ হোৱা বন মহোৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে কাৰাগাৰ অধীক্ষক তথা বিশ্বনাথৰ চক্ৰ বিষয়া, দেবানন্দ নাথ। নাথে ভাষাণ প্ৰসংগত কয়, আমি গছ ৰোপণ কৰিব লাগে গছ কাটিব নালাগে। কাৰণ গছ থাকিলে হে মানুহ জীয়াই থাকিব বুলি।

    আনহাতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে পূৱ শোণিতপুৰ বন সংমণ্ডলৰ প্ৰটেকচন ৰেঞ্জাৰ অৰবিন্দ ডেকা, বন পালক এক ভাস্কৰ বৰুৱাকে ধৰি বহু কেইগৰাকী বন বিষয়া কৰ্মচাৰী আৰু বিশ্বনাথ জিলা কাৰাগাৰত বিষয়া কৰ্মচাৰী সকলে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds