বিলাসীপাৰাৰ পৰা আলী আজাত ইছলামঃ
সমগ্ৰ ৰাজ্যজুৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ আজি অৱস্থান ধৰ্মঘট কৰে। ৰাজ্য খনৰ প্ৰগতিৰ পথে আগবাঢ়ি যোৱাত মুল দ্বায়িত্ব পালন কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে। যদিও পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীক অসম চৰকাৰে মাহীমাকৰ দৃষ্টিভংগীৰে চাই অহাৰ অভিযোগ তুলিছে ঠিকাভিত্তিক কৰ্মচাৰী সকলে৷ সেয়ে ৰাজ্যৰ ৮ হাজাৰৰো অধিক কৰ্মচাৰীয়ে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে আটানী উন্নয়ন খণ্ডৰ উন্নয়নৰ কাৰ্যালয়তো ঠিকাভিত্তিক কৰ্মচাৰী সকলে আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।
চৰকাৰলৈ দাবী সমুহ হৈছেঃ
- বৰ্তমান লাভ কৰা বেতনৰ ওপৰিও নূন্যতম ৩০,০০০ হাজাৰ টকা একালীন বেতন বৃদ্ধি কৰি সমকামৰ সমময্যদা প্ৰদান কৰা
- প্ৰতি বছৰে নূন্যতম ১০% বেতন বৃদ্ধি কৰি স্থায়ীভাৱে প্ৰয়োগ কৰা
- দীর্ঘদিনে আগবঢ়োৱা সেৱাৰ স্বীকৃতি হিচাপে ৬০ বছৰ বয়সলৈ চাকৰি সুৰক্ষা নিশ্চিতকৰণ কৰা
- HR Policy নীতি প্রণয়ন আৰু প্ৰয়োগৰ জৰিয়তে আমাৰ অধিকাৰ সুনিশ্চিত কৰা দাবী জনায়৷
- আনহাতে সংবাদমাধ্যমৰ আগত ঠিকাভিত্তিক কৰ্মচাৰী সকলে জনায় যে- আমাৰ দাবীসমূহ বিভাগীয় কৰ্তৃপক্ষই কাৰ্যকৰী নোহোৱা লৈকে এই প্ৰতিবাদী কাৰ্যসূচী ধাৰাবাহিক ভাৱে চলি থাকিব।





