উত্তৰ গুৱাহাটী মধ্যমখণ্ডস্থিত ডি-কেনডী একাডেমীৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি বিদ্যালয়খনৰ বহি খেল বিভাগৰ সভাগৃহত আয়োজন কৰা হয়। শৈক্ষিক ক্ষেত্ৰত সুনাম অৰ্জনৰ লগতে ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰতো সুখ্যাতি অৰ্জন কৰা বিদ্যালয় খনৰ প্ৰতিষ্ঠা দিৱস অনানুষ্ঠানিক ভাবে উদ্বোধন কৰে সু -বক্তা চি. কে. জগদীশ আৰু বিদ্যালয়খনৰ অধ্যক্ষা দিপাঞ্জলী পাঠকে।
উদ্ধোধক চি, কে জগদীশে মহিলা সবলীকৰণৰ ওপৰত বক্তব্য ৰাখি অভিভাৱকৰ দায়িত্ব পালন কৰোতে ছাত্ৰ ছাত্ৰীসকলক সংৰক্ষণ দিয়াৰ পৰিবৰ্তে লক্ষ্যত উপনীত হ’বলৈ দিশ নিৰ্ধাৰক আৰু প্ৰেৰণা দিবলৈ আহ্বান জনায়। অনুষ্ঠানত উত্তৰ গুৱাহাটীৰ বিশিষ্ট সমাজকৰ্মী, ক্ৰীড়া সংগঠক মুকুটেশ্বৰ গোস্বামী, আনন্দৰাম বৰুৱা স্মৃতি সংৰক্ষণ সমিতিৰ সাধাৰণ সম্পাদক সৌৰভ কুমাৰ বৰকটকী, মইনা পাৰিজাত, হেমাংগিনী বৰদলৈ চিত্ৰকলা বিদ্যালয়ৰ জীৱেশ্বৰ শৰ্মা, নাৰী মঞ্চৰ সভাপতি বিউটি বৰা আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকি বিদ্যালয়খনৰ শিক্ষাগত, ক্ৰীড়া আৰু সাংস্কৃতিক অগ্ৰগতিৰ উচ্চ প্ৰশংসা কৰে।প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়।
প্লে’ গ্ৰুপৰ পৰা উচ্চ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সৃজনশীল অনুষ্ঠানৰ লগতে গীত, নৃত্য আৰু অসমৰ বিভিন্ন জনগোষ্ঠীয় অনুষ্ঠান পৰিবেশন কৰে।প্ৰায় দুঘন্টীয়া এই অনুষ্ঠানত উপস্থিত সকলোকে মোহাচ্ছন্ন কৰি ৰাখে। অনুষ্ঠানৰ অন্তত, বিদ্যালয়খনৰ অধ্যক্ষা দিপাঞ্জলী পাঠকে বিদ্যালয়খনৰ এই সোণালী যাত্ৰাৰ অংশীদাৰ অভিভাৱক, শুভাকাংক্ষী আৰু সমর্থক সকলক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ আগন্তুক দিনবোৰতো বিদ্যালয়খনৰ শৈক্ষিক তথা ক্রীড়া ক্ষেত্ৰত উন্নতি অব্যাহত ৰাখিব বুলি আশা প্ৰকাশ কৰে।
Leave a Reply Cancel reply