♦নলবাৰী : ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই দেখুৱাই যোৱা পথৰ এগৰাকী অক্লান্ত পূজাৰী আছিল গিৰিধৰ শৰ্মা । চিৰ চেনেহী মোৰ ভাষা জননীৰ পূজাৰী হিচাপে ব্যাকৰণ, ভাষা আৰু সাহিত্যৰ একনিষ্ঠ সাধক হৈ বহুকেইখন মূল্যৱান গ্ৰন্থ উপহাৰ দি গিৰিধৰ শৰ্মাই ভাষা–সাহিত্যৰ ভঁৰাল চহকী কৰাৰ লগতে আমাক গৌৰৱান্বিত কৰিছে । এই বক্তব্য নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ । নলবাৰী জিলা সাহিত্য সভাৰদ্বাৰা ১০ মে’ত আয়োজিত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক তথা আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ গিৰিধৰ শৰ্মাৰ ৪৫ সংখ্যক স্মৃতি দিৱসত বন্তি প্ৰজ্বলন কৰি দিয়া ভাষণ প্ৰসংগত তেওঁ লগতে গিৰিধৰ শৰ্মাৰ সাহিত্য চেতনাই যুগে যুগে আমাক অনুপ্ৰাণিত কৰিব বুলি দোহাৰে ।
Leave a Reply Cancel reply