সংসদৰ কাৰ্যক্ৰমত বড়ো, মণিপুৰীকে ধৰি ৬টা নতুন ভাষাৰ অন্তৰ্ভুক্তি

প্ৰসিদ্ধ পণ্ডিত, সাহিত্যিক ড° বাণীকান্ত কাকতিদেৱে কৈ গৈছিল- ‘ভাষাৰ বান্ধেই সমাজ আৰু ৰাষ্ট্ৰৰ বান্ধ।’ সংসদৰ কাৰ্যক্ৰমত বড়ো, মণিপুৰী, সংস্কৃত, ডোগৰী, মৈথিলী আৰু উৰ্দু ভাষাক অন্তৰ্ভুক্ত কৰাৰ বাবে লোকসভাৰ মাননীয় অধ্যক্ষ শ্ৰী ওম বিৰলা ডাঙৰীয়াই শেহতীয়াকৈ কৰা ঘোষণাত আনন্দিত হৈছোঁ। হিন্দী, ইংৰাজীৰ উপৰিও অসমীয়াকে ধৰি ইতিমধ্যে ১০টা আঞ্চলিক ভাষাত সংসদৰ কাৰ্যক্ৰমত ভাষান্তৰৰ ব্যৱস্থা আছিল। এই তালিকাত উত্তৰ-পূৰ্বাঞ্চলৰ দুটি ভাষা- বড়ো, মণিপুৰীকে ধৰি দেশৰ মুঠ ৬টা ভাষাৰ নতুন সংযোজনে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ মূলমন্ত্ৰক শক্তিশালী ৰূপত প্ৰতিফলিত কৰিলে। সমন্বয়ৰ এক অনন্য বাৰ্তা বহন কৰা এই গুৰুত্বপূৰ্ণ সিদ্ধান্তই আমাৰ থলুৱা ভাষাসমূহৰ প্ৰচাৰ-প্ৰসাৰত এক অগ্ৰণী ভূমিকা পালন কৰিব বুলি আমি দৃঢ় বিশ্বাসী। এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে মাননীয় ওম বিৰলা ডাঙৰীয়া আৰু মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।”

Be the first to comment

Leave a Reply

Your email address will not be published.


*