সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ সোণ আৰু ব্ৰঞ্জৰ পদক লাভ

দিল্লী চৰকাৰৰ শিক্ষা আৰু ক্ৰীড়া সঞ্চালকালয়ৰ উদ্যোগত যোৱা ৩ জানুৱাৰীৰ পৰা নতুন দিল্লীৰ থায়াগৰাজ ক্ৰীড়া প্রকল্প চৌহদত অনুষ্ঠিত সৰ্বভাৰতীয় অসামৰিক সেৱা বেডমিণ্টন প্ৰতিযোগিতা ২০২৪-২৫ৰ আজি সন্ধিয়া সামৰণি পৰে।

প্ৰতিযগিতাত মহিলাৰ মুকলি একক শাখাত অসমৰ চুজেন বুঢ়াগোহাঁইয়ে সোণৰ পদক লাভ কৰাৰ বিপৰীতে পুৰুষৰ ৪৫ বছৰ ঊৰ্ধৰ ডাবলছ শাখাত বিষ্ণু ডেকা আৰু প্ৰাঞ্জল পাংগিঙে ব্ৰঞ্জৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় পৰ্য্যায়ত অসমলৈ ২টা পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে। আনহাতে প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰা সাতজনীয়া পুৰুষ-মহিলা দলটোৰ খেলুৱৈ সকল আছিল ক্ৰমে- অসম সচিবালয়ৰ পতিত পবন দত্ত আৰু বিষ্ণু ডেকা, চিৰাং জিলাৰ ৰেচম বিভাগৰ ৰঞ্জিত গগৈ, উত্তৰ লক্ষীমপুৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰাঞ্জল পাংগিং, চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ডাঃ জ্যোতিৰ্ময় শৰ্মা, শিলচৰৰ তৃতীয় এন চি চি বেটেলিয়ানৰ চুজেন বুঢ়াগোহাঁই আৰু ডিব্ৰুগড়ৰ দশম অসম এন চি চি বেটেলিয়ানৰ মাইনী বৰুৱা।

Be the first to comment

Leave a Reply

Your email address will not be published.


*