পথ নিৰ্মাণৰ নামত এখন গাঁৱৰ ৰাইজক আৱদ্ধ কৰি ৰাখিলে এটা পথ নিৰ্মানকাৰী সংস্থাই
##বাইপাচ নিৰ্মাণ কৰিবলৈ গৈ মূল পথৰ পৰা বিছিন্ন কৰিলে গাওঁখনক
অসম খবৰ বিশ্বনাথ চাৰিআলি 5 জানুৱাৰী :
বিশ্বনাথ চাৰিআলিৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰি শৰণীয়া অৰ্ধনিমিত পথৰ বুঢ়ীগাং বাইপাচ নিৰ্মাণ কৰিবলৈ গৈ গাতে লাগি থকা মাজবাঘ মৰা গাওঁখনক প্ৰায় এসপ্তাহ পথৰূদ্ধ কৰি মূল পথৰ পৰা বিছিন্ন কৰি ৰাখে পথ নিৰ্মাণকাৰী সংস্থা গণপতি কনষ্ট্ৰাকচন নামৰ প্ৰতিষ্ঠানটোৱে । যাৰ বাবে গাওঁ খনলৈ যাতায়ত কৰাত গাওঁবাসী অসুবিধাৰ সন্মুখীন হোৱাৰ উপৰিও গাওঁখনত হঠাৎ কিবা এটা অঘটন সংঘটিত হ’লে গাওঁ খনলৈ এম্বুলেন্স কিম্বা অগ্নিনিৰ্বাপক বাহন যাবলৈও কোনো সুৰুঙা নাই। ফলস্বৰূপে আজি গাওঁখনৰ বহু পুৰুষ মহিলা একগোট হৈ প্ৰতিবাদ কৰিবৰ বাবে ওলাই আহে ৰাজপথলৈ। লগে লগে আৰক্ষী বাহিনী, আৰক্ষী উচ্চ পদস্থ বিষয়া, এন এইচ আই ডি চি এলৰ উচ্চ পদস্থ বিষয়া,পথ নিৰ্মাণকাৰী সংস্থাৰ সংশ্লিষ্ট বিষয়া আদি উপস্থিত হয় প্ৰতিবাদস্থলীত। আনহাতে নৰ্দমা বিহীন ভাৱে চাৰি শৰণীয়া পথটো উচ্চতা বৃদ্ধি কৰি দিয়াৰ ফলত ৰাষ্ট্ৰীয় ঘাই পথৰ কাষৰ বাসিন্দা সকলৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে। বাৰিষা অহাৰ লগে লগে উক্ত অঞ্চলৰ ৰাইজৰ পানীত ডুব যাব লগা পৰিস্থিতিৰ উদ্ভৱ হয়। সেয়ে প্ৰতিবাদ স্থলীত উপস্থিত ৰাইজে অতি সোনকালে এটা উপপথ আৰু নলা নিৰ্মাণ কৰি দিবৰ বাবে সংশ্লিষ্ট বিষয়াৰ হাতত জিলা আয়ুক্তলৈ এক পত্ৰ প্ৰেৰণ কৰে। ইফালে পথটো নিৰ্মানৰ ক্ষেত্ৰত কিছু অনিয়ম হোৱাৰো অভিযোগ তোলে ৰাইজে।
Leave a Reply