31.3 C
Guwahati
Sunday, November 9, 2025
More

    শেহতীয়া আপডেটঃ

    মুম্বাইত লাচিত-দিৱস উদযাপন

    বীৰ লাচিতৰ প্ৰতি সন্মান জনাই সমগ্ৰ অসমৰ লগতে ২৪ নভেম্বৰ দেওবাৰে নৱীমুম্বাইৰ অসম ভৱনত, Assam Association Mumbai (AAM)আৰু Assamese Welfare Association, Kharghar Navi Mumbai (AWAK)ৰ সৌজন্যত লাচিত দিৱস পালন কৰা হয়। পুৱা ১১ বজাত আৰম্ভ হোৱা লাচিত দিৱস এটি উদ্বোধনী ভাষনেৰে আৰম্ভ কৰে AWAK ৰ উপসভাপতি ভাস্কৰ বিজয় গগৈয়ে। সন্মানিত ব্যক্তি শ্যামাপ্ৰসাদ সন্দিকৈ আৰু মঃ ইচফাকুল হুছেইনে বন্তি প্ৰজ্বলন, দীপক বুঢ়াগোহাঁই আৰু চিত্তকান্ত হাজৰিকাই বীৰ লাচিতৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে।

    বন্তি প্ৰজ্জ্বলনৰ পিচতেই টাই আহোম ভাষাত এটি প্ৰাৰ্থনা “আই চিঙ লাও” ৰ তাৎপৰ্য ব্যাখ্যা কৰি পাঠ কৰে AWAK ৰ সম্পাদক ৰজনীকান্ত বৰগোহাঁয়ে। উপস্থিত ৰাইজে সমস্বৰে “আই-চিঙ-লাও” পৰিবেশনেৰে আধ্যাত্মিক পৰিবেশৰ সৃষ্টি কৰে। প্ৰাৰ্থনাৰ পিছলৈ সমূহ ৰাইজে বীৰ লাচিতৰ প্ৰতিমূৰ্তিৰ পদযুগলত পুষ্পাঞ্জলি প্ৰদান কৰি বীৰ জনাক সন্মান প্ৰদৰ্শন কৰে। বিশিষ্ট বক্তা প্ৰদীপ কলিতাই বীৰ লাচিতৰ কৰ্ম জীৱনৰ ওপৰত আলোকপাত কৰে। অন্যতম বক্তা বুৰঞ্জী বিভাগৰ অধ্যাপক কামেশ্বৰ ডেকাই বীৰ লাচিতৰ কিছু জানিব লগীয়া বুৰঞ্জীৰ তথ্য অৱগত কৰে। AAMৰ সভাপতি আৰু AWAKৰ উপসভাপতি দীপক দাসেও এটি সাৰুৱা বক্তৃতাৰে সকলোৰে মন উদিপ্ত কৰে। লাচিত দিৱসৰ উপলক্ষে এখনি ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। (ক) শাখাৰ বিষয় আছিল “লাচিত বৰফুকনৰ জীৱনকালত অসম।”
    ১২ বছৰৰ পৰা ১৮ বছৰ বয়সলৈ।
    প্ৰতিযোগী- ঈশান কৌশিক।
    দীৰনজোনাক বৰা।
    খ) শাখাৰ বিষয় আছিলঃ পুৰ্বোত্তৰ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ বীৰযোদ্ধাঃ সেনাপতি লাচিত বৰফুকন
    প্ৰতিযোগী- অন্তৰীয়া খাটনিয়াৰ
    সকলো প্ৰতিযোগীলৈ পুৰস্কাৰ আৰু প্ৰমাণপত্ৰৰ বিষয়ে ঘোষণা কৰা হয়।
    শেষত AWAKৰ সম্পাদকে অসম ভৱনৰ কেওটি প্ৰতিমূৰ্তিক গ্লাচৰে আৱৰন দি কীট-পতঙ্গ আৰু পক্ষীকুলৰ পৰা ৰক্ষণাবেক্ষণ দি সৌন্দৰ্য্য বৃদ্ধিৰ বাবে দাবী জনাই আৰু অসম ভৱনৰ সমূহ কাৰ্য্যকৰ্তা আৰু উপস্থিত ৰাইজক শলাগৰ শৰাই আগবঢ়াই। অনুষ্ঠানত উপস্তিত থকা অন্যান্য বিশিষ্ট ব্যক্তি সকলৰ ভিতৰত অঞ্জলি সন্দিকৈ, নিভা হাজৰিকা আৰু দেৱব্ৰত চক্ৰৱৰ্তী (সম্পাদক AAM), কবিন কুকিল ভূঞা (কাৰ্য‍্যবাহী সদস‍্য AAM আৰু বিজ্ঞানী BARC), ৰাজেশ পুৰী, মৃদুল শইকীয়া, গিৰিণ শৰ্মা, অসম ভৱনৰ কৰ্মকৰ্তা আৰু বৰ্তমান আৱাসী হৈ থকা কেঞ্চাৰ ৰোগী সকলৰ আত্মীয়সকল। অসমৰ জাতীয় সংগীতেৰে লাচিত-দিৱস অনুষ্ঠানটি শান্তিপূৰ্ণ আধ্যাত্মিকতাৰে সমাপন কৰা হয়।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds