এন চি চি দিৱসত গুৱাহাটী বিশ্ববিদ্যালয়ত ৰক্তদান বায়ু শাখাৰ কেডেটৰ

জালুকবাৰীঃ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চিৰ ৭৬ সংখ্যক দিৱসৰ লগত সংগতি ৰাখি এন চি চিৰ বায়ু শাখাৰ গুৱাহাটীস্থিত ৫০ আসাম এয়াৰ স্কোৱাদ্রণ এন চি চি ইউনিটৰ কেডেট সকলে আজি গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত আয়োজিত এক শিবিৰত ৰক্তদান কৰে।

নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি হাস্পতালৰ উদ্যোগত অনুষ্ঠিত শিবিৰটো মুকলি কৰে ৫০ আসাম এয়াৰ স্কোৱাদ্ৰণ এন চি চি ইউনিটৰ কমাণ্ডিং অফিচাৰ, উইং কমাণ্ডাৰ এইচ উপাধ্যায়ে। ভাষণ প্ৰসংগত উপাধ্যায়ে ৰক্তদানক সৰ্বশ্ৰেষ্ঠ দান হিচাপে অভিহিত কৰি এজন লোকে কৰা ৰক্তদানে দুজন লোকৰ প্ৰাণ বচাব পাৰে বুলি ব্যক্ত কৰে। আনহাতে শিবিৰত ইউনিটৰ ছিনিয়ৰ শাখাৰ ৫১ জন ল’ৰা আৰু ২৭ জনী ছোৱালী কেডেটে ৰক্তদান কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*