Wednesday, June 11, 2025
33.2 C
Guwahati
TOP NEWS:

‘এনইউজেআই আৰু জা’ ৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

- Advertisement -
- Advertisement -
- Advertisement -
- Advertisement -

চৰকাৰে সাংবাদিক আৰু সংবাদ মাধ্যমৰ সামাজিক তথা অৰ্থনৈতিক নিৰাপত্তা সুনিশ্চিত কৰিব লাগিবঃ ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী
গুৱাহাটীঃ সাংবাদিকতা বৃত্তিটো এক মহান তথা দায়িত্বশীল আৰু আদৰ্শৰ ওপৰত নিৰ্ভৰ কৰে৷ সেয়ে চৰকাৰে সাংবাদিক আৰু সংবাদ মাধ্যমৰ সাৰ্বজনীন সুৰক্ষা দিশত সদায় সচেতন হোৱা উচিত৷ আজি ৰাষ্ট্ৰীয় প্ৰেছ দিবস উপলক্ষে আয়োজিত সভাত নিজৰ মন্তব্য আগবঢ়ায় বিশিষ্ট সাংবাদিক বুদ্ধিজীৱী তথা জাৰ্নেলিষ্ট এছছিয়েচন অব আছাম’ জা ৰ সভাপতি ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে এইদৰে কয়৷ তেওঁ আৰু কয় যে অৰ্থনৈতিক ভাৱে সৱল নহলে এজন সাংবাদিকে জনসাধাৰণৰ স্বাৰ্থত নিজকে উচৰ্গিত কৰাটো সম্ভৱ নহয়৷ সেয়ে চৰকাৰে সুস্থ গণতন্ত্ৰ বৰ্তাই ৰাখিবলৈ সাংবাদিক আৰু সংবাদ মাধ্যমৰ সামগ্ৰিক নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব৷ গুৱাহাটী হেঙ্গেৰাবাৰীস্থিত জাৰ্নেলিষ্ট এছছিয়েচন অব আছাম’ জা ৰ মুখ্য কাৰ্যালয়ত আয়োজিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জা ৰ মুখ্য উপদেষ্টা তথা নেশ্যনেল ইউনিয়ন অৱ জাৰ্ণেলিষ্ট ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় উপ সভাপতি ভূপেন গোস্বামীয়ে দেশৰ অন্যান্য ৰাজ্যৰ দৰে সাংবাদিক সুৰক্ষা আইন খন অসমত প্ৰৱৰ্তনৰ দাবীত পুনৰ সৰব হৈ পৰে৷ জাৰ্নেলিষ্ট এছছিয়েচন অব আছাম’ জা আৰু ‘নেচনেল ইউনিয়ন অব জাৰ্নেলিষ্ট ইণ্ডিয়া’ এন ইউ জে আই ৰ নীতি আদৰ্শ উল্লেখ কৰি গোস্বামীয়ে প্ৰাপ্য আদায়ৰ ক্ষেত্ৰত ৰাজ্যৰ সকলো সাংবাদিক আৰু সংবাদ কৰ্মীক ঐক্যবদ্ধ হোৱাৰ আহ্বান জনায়৷ সংবাদ মাধ্যমৰ সকলো কৰ্মচাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰি কয় তেওঁ আৰু কয় যে জনসাধাৰণৰ হৈ আৰু জনসাধাৰণৰ পক্ষত থাকি নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়োৱা সাংবাদিকক সকলো শ্ৰেণীৰ লোকে সহায়-সহযোগ কৰা উচিত৷ চৰকাৰে সংবাদ মাধ্যম আৰু সাংবাদিক সকলৰ সমস্যা সমূহ গুৰুত্ব সহকাৰে লৈ সমাধানৰ ব্যবস্থা কৰাৰ বাবে আহ্বান জনায়৷ ভাষণ প্ৰসংগত জ্যেষ্ঠ সাংবাদিক গোস্বামীয়ে অসম চৰকাৰে বন্ধ কৰি ৰখা সাংবাদিকৰ এককালীন সাহায্য আৰু ফেলচিপ পুনৰ প্ৰৱৰ্তন কৰাৰ লগতে সাংবাদিক পেঞ্চন ২০ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰীৰ ওচৰত দাবী জনায়৷ আনহাতে প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ নিৰ্দেশ অনুসৰি সংবাদ মাধ্যমৰ বিজ্ঞাপনৰ ধনৰ নিৰিখ বৃদ্ধি কৰি মাহিলী আদায় দিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়৷ আনহাতে আজিৰ সভাত একাংশ সংবাদ পৰ্টেলৰ অসামাজিক কাম কাজক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু গণতন্ত্ৰৰ মৰ্যদা ৰক্ষা কৰি মূল সুঁতিলৈ ওভটি অহাৰ আহ্বান জনায়৷ ইয়াৰ লগতে সাংবাদিক-সংবাদকৰ্মী আৰু সংবাদ মাধ্যমৰ সামগ্ৰিক নিৰাপত্তাৰ স্বাৰ্থত অসমৰ মুখ্যমন্ত্ৰীক সাংবাদিক সুৰক্ষা আইন খন প্ৰৱৰ্তনৰ ব্যবস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে মেডিয়া কাউন্সিল গঠনৰ দাবী জনাই কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে৷ সংবাদ মাধ্যম আৰু সাংবাদিকৰ ওপৰত বাঢ়ি অহা ভাবুকি আৰু ৰ্নিযাতন প্ৰতিৰোধ কৰাৰ বাবে তথা কত্তব্যৰত সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ স্বাৰ্থত ৰাজ্যত এখন বলিষ্ঠ ‘সাংবাদিক সুৰক্ষা আইন’ প্ৰনয়ণ কৰি সন্মান সহকাৰে সাংবাদিক সকলক জীয়াই থকাত সহায় কৰিবলৈ চৰকাৰ তথা শাসক-বিৰোধী সমূহ ৰ্নিবাচিত বিধায়কৰ প্ৰতি অনুৰোধ জনায়৷

- Advertisement -

Hot this week

Topics

মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ

নৰেন্দ্ৰ মোদী চৰকাৰৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে নৰেন্দ্ৰ...

বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নৰ

আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নে ট্রিবিউন গোষ্ঠীৰ বৰ্তমানৰ বিত্তীয় সংকটৰ...

উৎকট গৰমঃ কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি

উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়...

ASSAM RIFLES AND DRI RECOVER HEROINE WORTH ₹22.73 CRORE FROM KABUGANJ, ASSAM

In a major breakthrough Assam Rifles, in coordination with...

অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম

‘অসমৰ আপুৰুগীয়া সত্ৰসমূহ অসমৰ বাবে চিনাকিৰ এক অন্য নাম৷...

Related Articles

Popular Categories

Assam
few clouds
31.7 ° C
31.7 °
31.7 °
68 %
0.9kmh
14 %
Wed
37 °
Thu
36 °
Fri
34 °
Sat
34 °
Sun
33 °