![Debajit Bora](https://asomkhobor.com/wp-content/uploads/2024/11/Debajit-Bora-640x381.jpg)
তিনিটা স্তৱক
✒️ দেৱজিত বৰা
১
তুমি অহা যোৱাৰ পথত
পুৱাৰ ৰ’দালিৰ হাঁহি
বাটৰ কাষৰ হালধীয়া ফুলবোৰ
ফুলি উঠিছে
২
সৰিয়হ ফুল ফুলা দুপৰ ৰাতি
নৈখনে উচুপি উঠিছে
আকাশত শেঁতা পৰা নৰিয়া জোন
৩
বেলিটোৱে পুখুৰীটোত গা ধুইছে
আমন -জিমনকৈ শুই আছে
বাঁহনিডৰাত দুপৰীয়া এটা
ফোনঃ ৬০০০৮১৩৩১৬
Leave a Reply