গুৱাহাটীঃ গান্ধীবাদী নেত্ৰী অমলপ্রভা দাসৰ ১১৩ সংখ্যক জন্মদিৱসৰ লগত সংগতি ৰাখি কস্তুৰবা ট্রাষ্ট আৰু সৰ্বোদয় ট্রাষ্টৰ যৌথ উদ্যোগত আজি গুৱাহাটীৰ উলুবাৰীস্থিত শৰণীয়া আশ্রম চৌহদত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত অমলপ্রভা দাস সর্বোদয় বঁটা, ডাঃ তিলোত্তমা ৰায়চৌধুৰী বঁটা আৰু ডাঃ হৰিকৃষ্ণ দাস সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। ২০২৪ বৰ্ষৰ অমলপ্রভা দাস সৰ্বোদয় বঁটা এইবেলি প্ৰদান কৰা হয়। মধ্যপ্ৰদেশৰ চত্তৰপুৰৰ গান্ধী আশ্ৰমৰ সঞ্চালিক, সমাজসেৱিকা দময়ন্তী পানীক। এই সন্মানীয় বঁটাত আছে ৫০ হাজাৰ টকাৰ চে’ক, ফুলাম গামোচা, সম্বৰ্দ্ধনা পত্ৰ, এড়ি চাদৰ আৰু এখন শৰাই।
তেনেদৰে ২০২৪ বৰ্ষৰ ডাঃ তিলোত্তমা ৰায়চৌধুৰী বঁটা এইবেলি প্ৰদান কৰা হয় তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ডাঃ ভাগ্যশ্ৰী মোদীক। সেইদৰে ২০২৪ বৰ্ষৰ ডাঃ হৰিকৃষ্ণ দাস সোঁৱৰণী বঁটা প্ৰদান কৰা হয় যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ডাঃ মধুসূধন কলিতাক। এই বঁটাত আছে পোন্ধৰ হাজাৰ টকা, এখন সম্বৰ্দ্ধনা পত্র, এড়ি চাদৰ, ফুলাম গামোচা, কিতাপৰ টোপোলা আৰু এখন শৰাই। অনুষ্ঠানৰ আৰম্ভণিতে অমলপ্রভা দাসৰ প্রতিচ্ছবিত বন্তি প্রজ্বলনেৰে শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত বৰগীত পৰিৱেশন কৰে হীৰাশ্ৰী বৈশ্যই। সর্বোদয় ট্রাষ্টৰ অধ্যক্ষ মোহন দাস ভাণ্ডাৰীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটো সামগ্ৰিকভাৱে পৰিচালনা কৰে ট্ৰাষ্টৰ ন্যাসৰক্ষী নয়ন ভাণ্ডাৰী শৰ্মাই। অনুষ্ঠানত ২০০৮ বৰ্ষৰ পৰা সর্বোদয় ট্রাষ্টে গুৱাহাটীকে ধৰি কাষৰীয়া অঞ্চলৰ আর্থিকভাবে দুর্বল আৰু পিতৃ-মাতৃহীন ছাত্র-ছাত্রীক প্রদান কৰি অহা জলপানি এইবেলি ছয়গৰাকী ছাত্র-ছাত্রীক প্রদান কৰা হয়। জলপানী লাভ কৰা ছয় গৰাকী ছাত্ৰ-ছাত্ৰী হ’ল ক্ৰমে –
দক্ষিণ কামৰূপৰ ভাগৱতীপাৰাৰ মাধৱদেৱ হাইস্কুলৰ নিপন কুমাৰ, হিৰকজ্যোতি শৰ্মা আৰু ৰাজ কলিতা। পশ্চিম গুৱাহাটীৰ পশ্চিম ৰামচাৰাণী হাইস্কুলৰ বিতোপন দাস আৰু গায়ত্ৰী পাঠক। গুৱাহাটীৰ সাতগাঁও হাইস্কুলৰ নিশিতা দাস। এই জলপানি স্নাতক মহলাত অধ্যয়ন কৰাৰ সময়লৈকে বছৰি ছয় হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। তেওঁলোকক এখন ফুলাম গামোচা, কলম, বহী আদিও দিয়া হয়।
এই অনুষ্ঠানত বিশিষ্ট গান্ধীবাদী নেত্ৰী অমলপ্ৰভা দাস আৰু তেওঁৰ পৰিয়ালৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰে অনুষ্ঠানত নিদিষ্ট বক্তা হিচাপে ভাগ লোৱা ডাঃ নৰেশ্বৰ শৰ্মাই। এই অনুষ্ঠানত লোহিত চন্দ্ৰ গগৈয়ে লোকগীত পৰিবেশন কৰে। অনুষ্ঠানত ২০২৪ চনৰ ‘বিশ্বনাগৰীৰ প্ৰথম সংখ্যা উন্মোচন কৰে ড০ নন্দিতা বেনাৰ্জীয়ে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে সৰ্বভাৰতীয় গান্ধী স্মাৰক নিধিৰ সভাপতি ৰামচন্দ্ৰ ৰাহী উপস্থিত থাকে।
পূৰবী বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়াই কস্তুৰবা ট্রাষ্ট, অসমৰ প্রতিনিধি বিউটি দাসে। ৰাষ্ট্ৰীয় সংগীতৰে অনুষ্ঠানৰ সামৰণি মৰা হয়। অনুষ্ঠানত সমাজলৈ অনবদ্য অৱদান আগবঢ়াই অহা বিভিন্ন ক্ষেত্ৰৰ ভালেকেইজন বিশিষ্ট আৰু গান্ধীবাদী আদৰ্শত বিশ্বাসী লোক উপস্থিত থাকে।
Leave a Reply Cancel reply