■ নলবাৰী জিলাৰ পৰা ফইজুল হক চৌধুৰীঃ
নলবাৰীত ক’ভিড-১৯ স্পেচিয়েল হস্পিটেল অতি শীঘ্ৰে মুকলিৰ দাবীৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই, নলবাৰী জিলা উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক আৰু সম্পাদক অক্ষয় ডেকা সমন্নিতে যোৱা এটা সজাতি দলে।
নলবাৰী জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা জিলা উপায়ুক্তক দাবী জনায় যে, সম্প্ৰতি দেশৰ লগতে অসমতো ক’ভিড-১৯ দ্বিতীয়টো ঢৌৱে জনসাধাৰণক বেয়াকৈ ক্ষতিগ্ৰস্থ কৰিছে। অসমৰ বিভিন্ন জিলাত এই মহামাৰীয়ে কালৰূপ ধৰাৰ উপক্ৰম হৈছে। নলবাৰী জিলাতো দুই শতাধিক ক’ভিড-১৯ প’জিটিভ ৰোগী চিহ্নিত হৈছে।
ক’ভিডৰ দ্ৰুত সংক্ৰমণে ভৱিষ্যতৰ ভয়াৱহতাৰ ইংগিত প্ৰদান কৰিছে। যোৱা বছৰৰ এক মাৰাত্মক অভিজ্ঞতাৰ পিছতো নলবাৰী জিলাত এতিয়ালৈকে ক’ভিড ১৯ মহামাৰীৰ ঢৌ ৰোধ কৰিবলৈ অথবা ভুক্তভোগী ৰোগীক চিকিৎসা প্ৰদানৰ ব্যৱস্থা প্ৰশাসনে এতিয়ালৈকে হাতত লোৱা পৰিলক্ষিত হোৱা নাই। জিলা খনৰ বেছি সংখ্যক লোকৰ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰাৰ ক্ষমতা নাই।
এনে ক্ষেত্ৰত নলবাৰী চহৰকে ধৰি জিলাখনৰ বিভিন্ন ঠাইত ক’ভিড-১৯ পজিটিভ ৰোগীক চিকিৎসা কৰিবলৈ বিশেষ চিকিৎসালয় মুকলি কৰিবলৈ আৰু প্ৰয়োজনীয় চিকিৎসা ব্যৱস্থা ল’বলৈ সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই স্মাৰক পত্ৰৰ জড়িয়তে দাবী জনায়।
Leave a Reply