শেহতীয়া আপডেটঃ

বিশ্বনাথত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনঃ চাৰি গৰাকী সাংবাদিকক সম্বৰ্দ্ধনা

জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত

বিশ্বনাথত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনঃ চাৰি গৰাকী সাংবাদিকক সম্বৰ্দ্ধনা

অসম খবৰ বিশ্বনাথ চাৰিআলি,১৬ নবেম্বৰ

বিশ্বনাথ জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত আজি বিশ্বনাথত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস, ২০২৫ ।

 

জিলাখনৰ সাংবাদিকসকলৰ লগতে আমন্ত্ৰিত বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা এইবাৰৰ প্ৰেছ দিৱসৰ মূল বিষয় আছিল – “বিভ্রান্তিমূলক তথ্যৰ মাজত সংবাদসেৱাৰ বিশ্বাসযোগ্যতাক সুৰক্ষা প্রদান” (Safeguarding Press Credibility Amidst Rising Misinformation)। বিশ্বনাথৰ জিলা আয়ুক্তৰ সন্মিলন কক্ষত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এই কাৰ্যসূচীত বন্তি প্ৰজ্বলন কৰে জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসে আৰু আদৰণি ভাষন প্ৰদান কৰে বিশ্বনাথৰ সহকাৰী আয়ুক্ত তথা জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনাম দাসে।

 

নাতিদীৰ্ঘ ভাষণত জিলা আয়ুক্ত সীমান্ত কুমাৰ দাসে সাংবাদিক সকলক এই বিশেষ দিনটোৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সাংবাদিক সকলক সাম্প্ৰতিক জটিল সময়ত সত্যৰ ওপৰত প্ৰতিষ্ঠিত সংবাদ পৰিবেশন কৰি যাবলৈ আহ্বান জনায়। জাতীয় সংগীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰি প্ৰাক্তন সাংবাদিক তথা বিশ্বনাথ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ড০ দিপাংকৰ শইকীয়াই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এইবাৰৰ মুল বিষয়বস্তু “বিভ্রান্তিমূলক তথ্যৰ মাজত সংবাদসেৱাৰ বিশ্বাসযোগ্যতাক সুৰক্ষা প্রদান” শীর্ষক বিষয়ত সংবাদ মাধ্যমৰ পৰিৱৰ্তিত ৰূপৰ ওপৰত তথ্য সমৃদ্ধ, মননশীল তথা গুৰুত্বপূৰ্ণ আলোচনা দাঙি ধৰে।

আমন্ত্ৰিত বক্তা গৰাকীয়ে নিৰ্দিষ্ট বিষয়টোৰ ওপৰত আলোকপাত কৰি কয় যে, পৰিবৰ্তিত সময়ত বৰ্দ্ধিত সংবাদ মাধ্যম তথা বৰ্দ্ধিত সাংবাদিকৰ বাতৰিৰ মানদণ্ডৰ পৰিৱৰ্তন দেখা পোৱা গৈছে। বিভ্রান্তিমূলক তথ্যৰ বিপৰীতে শুদ্ধ আৰু সত্যৰ ওপৰত প্ৰতিষ্ঠিত বাতৰিৰ বাবে সংবাদ মাধ্যম আৰু সাংবাদিক সকলক স্বাধীনতাও প্ৰদান কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰি এই ক্ষেত্ৰত তেওঁ চৰকাৰ আৰু সংবাদ প্ৰতিস্থান সমুহৰ কৰণীয় আছে বুলি মন্তব্য কৰে।

বিশ্বনাথৰ অতিৰিক্ত জিলা আয়ুক্ত অসীম বৰগোহাঁই, সহকাৰী আয়ুক্ত মঞ্জুশ্ৰী বৰা প্ৰমুখ্যে বিষয়া আৰু বিভাগীয় কৰ্মচাৰীসকলৰ লগতে জিলাখনৰ প্ৰায় অৰ্ধ শতাধিক সাংবাদিক উপস্থিত থকা অনুষ্ঠানটিত এইবেলি বিশেষভাৱে জনসংযোগ বিভাগৰ ফালৰ পৰা সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় জিলাখনৰ চাৰি গৰাকী সাংবাদিকক। উল্লেখ্য যে দীৰ্ঘদিন ধৰি সংবাদসেৱাৰ লগত নিজকে জড়িত কৰি অবিৰত সেৱা আগবঢ়োৱা নিয়মীয়া বাৰ্তা কাকতৰ চতিয়াৰ সাংবাদিক প্ৰণৱ ওজা, গণ অধিকাৰ কাকতৰ বিশ্বনাথ চাৰিআলিৰ সাংবাদিক জয়ন্ত বৰুৱা, ই টিভি ভাৰত আৰু দৈনন্দিন বাৰ্তা কাকতৰ বিশ্বনাথৰ সাংবাদিক তথা গণ অধিকাৰ কাকতৰ বিহালীৰ সাংবাদিক শ্ৰীমন্ত দাস, বৈদ্যুতিন সংবাদ মাধ্যম প্ৰাগ নিউজৰ গহপুৰৰ সাংবাদিক ৰাজীৱ বৰাক এইবাৰৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত সম্বৰ্ধনা পত্ৰ আৰু গামোচাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। জনসংযোগ বিভাগৰ হৈ ৰণজিৎ শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত সম্বৰ্দ্ধিত সাংবাদিকসকলৰ হৈ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ ওজা আৰু অতিথি সাংবাদিক, বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাৱৰ উপদেষ্টা বসন্ত বৰাই নাতিদীৰ্ঘ বক্তব্য দাঙি ধৰে। আজিৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি ৰাষ্ট্ৰীয় সংগীতেৰে সামৰনি পৰে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.