শেহতীয়া আপডেটঃ

প্ৰকৃতিপ্ৰেমীলৈ সুখবৰঃ দীপৰ বিললৈ আহিছে দেশী-বিদেশী পৰিভ্ৰমী চৰাই

আজাৰাঃ গুৱাহাটীৰ অন্যতম জলাশয় হিচাপে পৰিগণিত হৈ অহা দীপৰ বিললৈ লাহে লাহে আহিবলৈ আৰম্ভ কৰিছে দেশী-বিদেশী পৰিভ্ৰমী চৰাই সমূহ। উল্লেখ্য যে ১৯৭২ চনত ইৰাণৰ ৰামচাৰ চহৰত অনুষ্ঠিত আন্তৰ্জাতিক পক্ষী সন্মিলনে ৰাজ্যখনৰ ঐতিহ্যমণ্ডিত জলাশয় দীপৰ বিলক আন্তৰ্জাতিক পক্ষী অভয়াৰণ্যৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰিছিল। সম্প্রতি দেশী-বিদেশী কেতবোৰ বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ জলকেলিত দীপৰ বিলখনে প্ৰাণ পাই উঠাৰ সমান্তৰালকৈ একাংশ প্ৰকৃতিপ্ৰেমী দীপৰ বিলৰ নান্দনিক সৌন্দৰ্যত বিমুগ্ধ হৈ পৰিছে।

Birdwatching around Guwahati – Dipor bil

উল্লেখনীয় যে অক্টোবৰ মাহৰ প্ৰায় শেষভাগৰ পৰাই ৰাজ্যখনৰ সমান্তৰালকৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল শীতৰ কবলত পৰিব লাগে। এই সময়ছোৱাত সৰ্বাধিক তাপমাত্ৰা ২৪ ডিগ্ৰী চেলচিয়াছৰ আশে-পাশে থাকিব লাগে। ইপিনে পৰিভ্ৰমী চৰাইৰ বাবে গড় তাপমাত্ৰা সৰ্বাধিক ২০ ডিগ্ৰী চেলচিয়াছৰ পৰা ২৪ ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন ১০ ডিগ্ৰী চেলচিয়াছৰ পৰা ১২ ডিগ্ৰী চেলচিয়াছ থকাতো নিতান্তই প্ৰয়োজনীয়। যিহেতু ৰাজ্যখনত দিনৰ ভাগত অদ্যাপি গৰমৰ মাত্ৰ কমি যোৱা নাই, তেনেক্ষেত্ৰত পৰিভ্ৰমী চৰাইৰ আগমন লাহে-লাহে বৃদ্ধি পাই অহা পৰিলক্ষিত হোৱা বুলি জানিব পৰা গৈছে। পৰিতাপৰ কথা এই যে গুৱাহাটী মহানগৰীৰ দূষিত পানীভাগ গড়চুক-পামহীৰে দীপৰ বিলত পেলোৱাৰ ব্যৱস্থা কৰাৰ বাবে বিলখন ভয়াবহ ভাবে প্ৰদূষিত হৈ পৰিছে।

Dipor Bill,Assam | Wild Ducks near a wetland from Assam,Indi… | Flickr

জলজ উদ্ভিদবোৰ প্ৰদূষিত হৈ পৰাৰ ফলত পৰিভ্ৰমী চৰাইৰ বিচৰণত প্ৰত্যাহ্বান আহি পৰিছে। তদুপৰি বিলখনৰ চৌপাশে থকা অঞ্চলসমূহৰ উচ্চ পোহৰ যুক্ত লাইটৰ বিচ্ছুৰিত বিকিৰণে পৰিভ্ৰমী চৰাইৰ জলিকেলিত বাধাৰ সৃষ্টি কৰি আহিছে। বন বিভাগৰ তৰফৰ পৰা পোৱা তথ্য মতে বিগত ২০১১-২০১২ বর্ষৰ পৰাই কেবা বিধো বিদেশী পৰিভ্ৰমী চৰাইৰ জাক দীপৰ বিললৈ অহা নাই। ইয়াৰ ভিতৰত কমন চেল ডাক, স্পট বিল ডাক, ৰেড ক্ৰিছেদ পচাৰ, পেলিকান, পিংক ফুটেড ডাক আদিয়েই প্ৰধান। আনহাতে জানিব পৰা মতে বিগত ২০১৪ বৰ্ষত দীপৰ বিলত প্ৰায় ৮ হাজাৰ দেশী-বিদেশী পৰিভ্ৰমী চৰাইৰ অৱস্থিতিৰ উমান পোৱা গৈছিল। ইপিনে দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক সম্পাদক তথা প্ৰকৃতিপ্ৰেমী প্ৰমোদ কলিতা, দীপৰ বিলৰ পাৰৰ চকৰদৌ মিকিৰপাৰাৰ বাসিন্দা তথা পৰিবেশকৰ্মী প্ৰমোদ ৰংপী, নৃপেন ইংতিকে ধৰি বিলৰ পাৰত বাস কৰা কেবাজনো বাসিন্দাই এই সন্দৰ্ভত জানিবলৈ দিয়া মতে বিগত বৰ্ষৰ নৱেম্বৰ মাহত অসম চৰকাৰ আৰু ভাৰতীয় সেনাৰ যৌথ উদ্যোগত ‘ৰাইজিং ছান ৱাটাৰ ফেষ্ট ৰিভিষ্টিং শৰাইঘাট-২০২৩’ শীৰ্ষক এক জলক্ৰীড়া মহোৎসৱ অনুষ্ঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত বিলখনলৈ দেশী-বিদেশী পৰিভ্ৰমী চৰাইৰ আগমন যথেষ্ট হ্ৰাস পাইছিল। কিয়নো বিলখনৰ পানীভাগ নৌকা চালনাৰ বাবে আবদ্ধ কৰি ৰখা হৈছিল।

তেনেস্থলত পৰিভ্ৰমী চৰাই বিলখনলৈ আহি থিতাপি লোৱাৰ স্থান পোৱা নাছিল। ইপিনে বিগত ২০২২-২৩ বৰ্ষত দীপৰ বিললৈ ১৬১ বিধ প্ৰজাতিৰ ২৮,৩৩১ বিধ পৰিভ্ৰমী চৰাইৰ আগমন ঘটিছিল বিলখনলৈ। ইয়াৰ ভিতৰত আছিল ৪৬ শতাংশ বিদেশী পৰিভ্ৰমী চৰাই। আনহাতে যোৱা ২০২৩-২৪ বর্ষত দীপৰ বিললৈ মাত্ৰ ১৫৫ বিধ প্ৰজাতিৰ ১১,২৭১ বিধ পৰিভ্ৰমী চৰাইৰহে আগমন ঘটিছিল। ইয়াৰ ভিতৰত ৪৬ শতাংশ বিদেশী পৰিভ্ৰমী চৰাইৰ বিলখনলৈ আগমন ঘটিছিল যদিও বিগত নৱেম্বৰ মাহত বিলখনত চলা জলক্ৰীড়া মহোৎসৱৰ বাবে পৰিভ্ৰমী দেশী-বিদেশী চৰাইবোৰে বাসস্থান বিচাৰি নাপায় উভতনি যাত্ৰা কৰে।

Birdwatching - Picture of Deepor Beel Wildlife Sanctuary, Guwahati - Tripadvisor

অৱশ্যে এইবেলি অক্টোবৰ মাহৰ শেষ ভাগৰ পৰা বিবিধ প্ৰজাতিৰ দেশী বিদেশী চৰাইৰ অৱস্থিতিৰ উমান পোৱা গৈছে। ইয়াৰ ভিতৰত কমন চেণ্ড পিপাৰ, ৱাগটেইল, পেডিফিল্ড পিপট, ৰেচাৰ্ড পিপট, ব্লেক কাইট, লিটিল ৰিং প্লভাৰ, ৰজী পিপট, বাৰ্ণ ছালও, উডচেণ্ড পিপাৰ, টেমমিনক ষ্টিন্ত, গ্ৰে-হেডেড লেপৱিঙ আদিকে ধৰি কেবাবিধো পৰিভ্ৰমী বিদেশী চৰাইৰ জলিকেলিত দীপৰ বিল মুখৰ হৈ পৰিছে। শেহতীয়া ভাবে বিলখনৰ নান্দনিক সৌন্দৰ্যত বিমুগ্ধ হৈ পৰিছে প্ৰকৃতিপ্ৰেমী। উল্লেখ্য যে সমগ্র শীতকালটো দীপৰ বিলত জলকেলি কৰি গ্ৰীষ্মৰ আগমনৰ লগে লগে চৰাইবোৰ পুনৰ অন্যস্থানলৈ গুচি যায়। প্রকৃতিপ্রেমী প্ৰমোদ কলিতাই এই সন্দৰ্ভত জানিবলৈ দিয়া মতে গৰমৰ আগমনৰ লগে-লগে আলহী চৰাইবোৰৰ ওভতনি যাত্ৰা আৰম্ভ হয়। মাৰ্চ মাহৰ পৰা চৰাইবোৰ দীপৰ বিলৰ পৰা উভতনি যাত্ৰা আৰম্ভ কৰে। সম্প্রতি বিয়লিৰ লগে লগে যথেষ্ট সংখ্যক প্ৰকৃতিপ্ৰেমী দীপৰ বিলৰ পাৰৰ দক্ষিণ পাৰত উপস্থিত হৈ পৰিভ্ৰমী চৰাইৰ নান্দনিক জলকেলি উপভোগ কৰি বিমুগ্ধ হৈ পৰা পৰিলক্ষিত হৈছে। আনকি দীপৰ বিলৰ উত্তৰ দিশৰ খানামুখ হাওৰাপাৰৰ বাসিন্দা, পৰিবেশকৰ্মীদ্বয় তথা খানামুখ মিলন সংঘৰ কৰ্মকৰ্তা দিলীপ কলিতা আৰু ৰঞ্জিত কলিতাই বন বিভাগক বিললৈ অহা পৰিভ্ৰমী চৰাই সমূহ যাতে সুৰক্ষিত হৈ থাকে তাৰ ওপৰত দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.