জালুকবাৰীঃ অসমৰ অন্যতম নাট্যগোষ্ঠী হিচাপে পৰিচিত হৈ অহা গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখৰ ‘অংগনা’ নাট্যগোষ্ঠীয়ে মুন্সী প্ৰেমচন্দৰ নাট ‘পূছ কী ৰাত’ নাটখন গুৱাহাটীৰ জু – ৰোডৰ জুৰণি পথস্থিত ‘ছীগাল্’ থিয়েটাৰৰ প্ৰেক্ষাগৃহত ২৬ অক্টোবৰৰ দিনা সন্ধিয়া সফলতাৰে মঞ্চস্থ কৰা হয়।
মুন্সী প্ৰেমচন্দৰ কাহিনীৰ আধাৰত ‘পুছ কী ৰাত’ নাটখন পৰিচালনা কৰিছিল এন এছ ডিৰ স্নাতক অমিত পাঠকে আৰু পৰিকল্পনা আছিল এন এছ ডিৰ স্নাতক তথা খানামুখৰ জীয়ৰী উজ্জলা বৰ্মনে। পোহৰত আছিল আফতাব হুছেইন, সংগীত পৰিচালনাত অমিত পাঠক, আৱহ সংগীতত তৃষাণ বৰ্মনৰ। নাটখনৰ সংগীতত দ্বিপেন দাসে ঢোল আৰু শৰৎ কলিতাই হাৰমনিয়াম পৰিবেশন কৰিছে।
নাটখনত অভিনয়ত ক্ৰমে – স্বপন দাস, উজ্জলা বৰ্মন, সত্যেন কুমাৰ শৰ্মা, উৎপল পাঠক, কংকন দাস, চন্দন বৈশ্য, চন্দন দাস, ব্ৰজেন দাস, নেইনা বেগম্, বন্দনা ককতিয়ে। আটাকেইজন শিল্পীয়ে বলিষ্ঠ আৰু জীৱন্ত অভিনয় কৰি দৰ্শকৰ মন জয় কৰাৰ লগতে বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়। আনহাতে নাটখনত মূল নাৰী চৰিত্ৰত অভিনয় কৰা খানামুখৰ জীয়ৰী তথা এন এছ ডিৰ স্নাতক উজ্জলা বৰ্মন আৰু মূল পুৰুষ চৰিত্ৰত অভিনয় কৰা স্বপন দাসে সুন্দৰ অভিনয়ৰে দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হোৱাৰ লগতে দৰ্শক সকলে হাত চাপৰিৰে তেওঁলোকক অভিনন্দন জ্ঞাপন কৰে।
উল্লেখ্য যে প্ৰখ্যাত সাহিত্যিক মুনশী প্ৰেম চান্দ জীৰ কাহিনী, ‘পূছ কী ৰাত’ত কাহিনীভাগত গ্ৰাম্য জীৱনৰ ৰং, মুনীয়া হালকু তেওঁৰ পত্নী, যাৰ জীৱনটো দুখৰ পৰা আৰম্ভ হয় আৰু দুখৰ সৈতে শেষ হয়। কৃষকৰ বৰ্তমানৰ পৰিস্থিতিৰ বৰ্ণনা আদি প্ৰতিফলিত বা উপস্থাপন কৰিবলৈ প্ৰয়াস কৰা হৈছে। যি পৰিচালক অমিত পাঠকে সামগ্ৰিকভাৱে প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।
Leave a Reply