মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত টাটা ইনষ্টিটিউট অব ছ’চিয়েল ছায়েন্সেছ (টিআইএছএছ)ৰ ১১ সংখ্যক সমাৱৰ্তন সম্পন্ন

গুৱাহাটী, ২৫ অক্টোবৰঃ টাটা ইনষ্টিটিউট অব ছ’চিয়েল ছায়েন্সেছ চমুকৈ টিআইএছএছৰ ১১ সংখ্যক সমাৱৰ্তন আজি মহানগৰীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হয়। টিছৰ আচাৰ্য অধ্যাপক ডি পি সিঙৰ লগতে আন কেবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত এই সমাৱৰ্তনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ইউনিভাৰ্ছিটি অব ছায়েন্স এণ্ড টেকন’লজি, মেঘালয় (ইউএছটিএম)ৰ উপাচাৰ্য অধ্যাপক গৌৰীদত্ত শৰ্মাই। বন্তি প্ৰজ্বলন আৰু সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে প্ৰ’-উপাচাৰ্য অধ্যাপক শংকৰ দাসে।

তেওঁ নিজৰ ভাষণত উপস্থিত থকা অতিথিসকলক আদৰণি জনোৱাৰ লগতে শিক্ষাগ্ৰহণ সম্পূৰ্ণ কৰা শিক্ষাৰ্থীসকলক অভিনন্দন জনায়। ‘নাক’ৰ মূল্যায়নত এ+ লাভ কৰা তথা সমাজ বিজ্ঞানৰ শিক্ষাৰ ক্ষেত্ৰত আগশাৰীৰ শিক্ষানুষ্ঠান হিচাপে গৰিমা অক্ষুন্ন ৰখা টিছৰ আজি অনুষ্ঠিত সমাৱৰ্তনত ১৬৫ গৰাকী শিক্ষাৰ্থীয়ে সুখ্যাতিৰে পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ প্ৰমাণ পত্ৰ লাভ কৰে। ইয়াৰে ৫গৰাকী হৈছে সমাজ বিজ্ঞানৰ পিএইছডি গৱেষক, ১১২ গৰাকী স্নাতকোত্তৰ আৰু ৪৮ গৰাকী স্নাতকৰ শিক্ষাৰ্থী। দেশৰ ২০ খন ৰাজ্য, এখন কেন্দ্ৰীয় শাসিত অঞ্চল আৰু দুই চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু নেপালৰ এইসকল সফল ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাৰ জৰিয়তে নিজৰ লগতে সমাজখনক আলোকিত কৰি তুলিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে আচাৰ্য ডি পি সিঙে। মুখ্য অতিথি গৌৰী দত্ত শৰ্মাই ১৩ গৰাকী কৃতী শিক্ষাৰ্থীক মেডেল প্ৰদান কৰে। ভাষণ প্ৰসংগত তেওঁ টিছৰ সামাজিক দায়ৱদ্ধতাৰ প্ৰশংসা কৰে। তেওঁ কয়, ”উত্তৰ-পূব ভাৰতৰ বৈচিত্ৰ্যতাৰে ভৰা সমাজখনক বুজি পাবলৈ আৰু নিজা দৃষ্টিভংগীৰে সমাজৰ লোকসকলক জানিবলৈ আৰু বুজিবলৈ সমাজ বিজ্ঞান অধ্যয়ন কৰাতো অতিশয় প্ৰয়োজনীয়। এই বৈচিত্ৰ্যতাক মূলধন কৰিয়েই আমি সমাজখনত সুস্থিৰতা আৰু শান্তি-সম্প্ৰীতি বৰ্তাই ৰাখিব পাৰো।’’

নিজৰ ভাষণত ইউএছটিএমৰ উপাচাৰ্যগৰাকীয়ে টিছৰ পাঠ্যক্ৰমে বৰ্তমানৰ জটিল সন্ধিক্ষণ ব্যতিক্ৰমী চিন্তাধাৰা, সমালোচনাত্মক দৃষ্টিভংগী আৰু বহল মানসিকতাক প্ৰাধান্য দি অহা কাৰ্যকো ভূয়সী প্ৰশংসা কৰে। আজিৰ এই সমাৱৰ্তনত ডিগ্ৰী প্ৰদান কৰাৰ লগতে বিভিন্ন শিতানত সফলতা লাভ কৰা শিক্ষাৰ্থীসকলৰ মাজত পুৰস্কাৰো বিতৰণ কৰা হয়। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় অধ্যাপক কল্পনা সাৰথিয়ে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*