ধুবুৰীৰ কাতলামাৰী চৰত নাওঁ খেলৰ নামত অবৈধ জুৱাৰ ৰমৰমীয়া বেহা

বন্দিহানা আৰক্ষী কুম্ভ কৰ্ণ নিদ্ৰাত
দৃষ্টি আকৰ্ষণ কৰিব নে ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ?

উল্লেখ্য যে ধুবুৰী জিলাৰ জৰুৱা বন্দিহানা আৰক্ষী চকীৰ অন্তৰ্গত কাতলামাৰী নাট্য দলৰ উদ্যোগত অনুষ্ঠিত কৰে এক নাওঁ খেলৰ প্ৰতিযোগিতা। এই নাওঁ খেলৰ গ‌ইনা লৈ একাংশ দুষ্ট চক্ৰই চলাইছে অবৈধ ঝাণ্ডি-মুণ্ডা জুৱা খেলৰ ৰমৰমীয়া বেহা। মনকৰিবলগীয়া যে কাতলামাৰী চৰত নাওঁ খেলৰ নামত চলোৱা অবৈধ জুৱা খেলত নেতৃত্ব দিয়াৰ অভিযোগ এগৰাকী গাওঁ ৰক্ষী বাহিনীৰ বিৰূদ্ধে। নাওঁ খেলৰ গ‌ইনা লৈ চলি থকা জুৱা খেলৰ সমগ্ৰ দৃশ্য বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এনে পৰিস্থিতিত সেয়ে অসম চৰকাৰৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে ধুবুৰী আৰক্ষী অধীক্ষক মহোদয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ত হে লক্ষণীয় হ’ব।

Be the first to comment

Leave a Reply

Your email address will not be published.


*