দেৱজিত বৰাঃ গুৱাহাটী ভাস্কৰ নগৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে সৰ্বভাৰতীয় পৰ্যায়ত আয়োজন কৰা ‘স্বামী বিবেকানন্দ’ শীৰ্ষক ৰচনা প্ৰতিযোগিতাৰ খ-শাখাত শিলপুখুৰী মহৰ্ষি বিদ্যা মন্দিৰৰ মেধাবী ছাত্ৰী মেঘনা কোঁৱৰে প্ৰথম স্থান লাভ কৰে।
সাংসদ বিজুলী কলিতা মেধিয়ে ভাস্কৰ নগৰ সাৰ্বজনীন দুৰ্গা পূজা স্থলীৰ মূল মণ্ডপ উদ্বোধন কৰাৰ লগতে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰচনা প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক পুৰস্কাৰ প্ৰদান কৰে। উল্লেখ্য যে যোৱা বৰ্ষতো উক্ত সমিতিয়ে সৰ্বভাৰতীয় পৰ্যায়ত আয়োজন কৰা ’লাচিত বৰফুকন’ শীৰ্ষক ৰচনা প্ৰতিযোগিতাত মেঘনা কোঁৱৰে দ্বিতীয় স্থান লাভ কৰিছিল আৰু তেওঁক ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই ১০ হাজাৰ টকাৰ চেক / মানপত্ৰ /স্মৃতিচিহ্ন প্ৰদান কৰিছিল ৷ মেঘনা কোঁৱৰ গুৱাহাটী বামুণীমৈদাম, পূব জ্যোতি নগৰ নিবাসী সীমান্ত কোঁৱৰ আৰু নিৰ্মিতা বৰগোহাঁইৰ একমাত্ৰ কন্যা।
Leave a Reply Cancel reply