৭, ৮ আৰু ৯ জানুৱাৰীত ৰঙিয়া জাঁজীকনাত সংযুক্ত বড়ো গণ মঞ্চৰ একাদশ বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনঃ অভ্যৰ্থনা সমিতি গঠন, সংযুক্ত বড়ো গণ মঞ্চৰ ৰাজহুৱা সভা

ৰঙিয়াৰ পৰা প্ৰিন্স কাশ্যপঃ সংযুক্ত বড়ো গণ মঞ্চৰ এখন ৰাজহুৱা সভা আজি ৰঙিয়াৰ জাঁজীকনা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয়। সংযুক্ত বড়ো গণ মঞ্চ চমুকৈ ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে সভাপতিত্ব কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই ইউবিপিঅৰ সাধাৰণ সম্পাদক পীতাম্বৰ ব্ৰহ্মই। আজিৰ ৰাজহুৱা সভাতে ইউবিপিঅৰ একাদশ বাৰ্ষিক পূৰ্ণাঙ্গ কেন্দ্ৰীয় অধিৱেশনখন ২০২৫ চনৰ ৭, ৮ আৰু ৯ জানুৱাৰীত কামৰূপ জিলাৰ ৰঙিয়াৰ কছাৰী মহল অঞ্চলৰ জাঁজীকনাত বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হয়।

ইউবিপিঅৰ আগন্তুক কেন্দ্ৰীয় অধিৱেশনৰ সাফল্যমণ্ডিত কৰাৰ বাবে আজিৰ ৰাজহুৱা সভাই এখন অভ্যৰ্থনা সমিতি গঠন কৰে। সভাই সৰ্বসন্মতিমৰ্মে বিধায়ক দিগন্ত কলিতাক সভাপতি, বিকেডব্লিউএচিৰ ই এম প্ৰণৱ বড়োক কাৰ্য্যকৰী সভাপতি, পৰেশ চন্দ্ৰ বড়োক তৰুণ বড়োক সাধাৰণ সম্পাদক, মন্টুৰাম বড়ো, কুহিৰাম বড়োক সম্পাদক, দৈমুশ্ৰী বড়োক কাৰ্য্যালয় সম্পাদক হিচাপে লৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়।

আনহাতে মনোজ কুমাৰ বড়ো, গোবিন্দ বসুমতাৰীক সম্পাদক, দ্বীপেন বড়ো, ৰিংখাং বড়োক উপদেষ্টা হিচাপে লৈ বিত্ত উপ সমিতিৰ লগতে খাদ্য, মঞ্চ, মণ্ডপ, তোৰণ, পোহৰ, শব্দ, অতিথি আপ্যায়ন, পানী যোগান, স্বেচ্ছাসেৱী, সাংস্কৃতিক, প্ৰচাৰ আদি সোতৰখন উপ সমিতি গঠন কৰা হয়। নৱগঠিত অভ্যৰ্থনা সমিতিৰ বাবে মদন বসুমতাৰী, অনিল চন্দ্ৰ বড়ো, মদন বড়োক উপদেষ্টা আৰু বিটিআৰৰ মূৰব্বী প্ৰমোদ বড়ো, বিকেডব্লিউএচিৰ মূৰব্বী মিহিনিশ্বৰ বসুমতাৰী, সাংসদ দিলিপ শইকীয়া, বিধায়ক ভৱেশ কলিতাক মুখ্য পৃষ্ঠপোষক হিচাপে মনোনীত কৰা হয়।

ৰাজহুৱা সভাত বিকেডব্লিউএচিৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰী,অধ্যক্ষ অনিল বসুমতাৰী উপস্থিত থাকি তৃতীয় বড়ো শান্তি চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী সংগঠন সংযুক্ত বড়ো গণ মঞ্চৰ আগন্তুক কেন্দ্ৰীয় অধিৱেশনখন সকলো ক্ষেত্ৰতে সফল কৰি তুলিবলৈ ৰাইজৰ পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশা ব্যক্ত কৰি বক্তব্য আগবঢ়ায়। আজিৰ ৰাজহুৱা সভাতে নৱগঠিত অভ্যৰ্থনা সমিতিক মূল সমিতিয়ে দায়িত্বভাৰ অৰ্পণ কৰে।

সভাত বিকেডব্লিউএচিৰ কাৰ্য্যবাহী সদস্য অমিয় বসুমতাৰী, প্ৰণৱ বড়ো, বিনোদ বসুমতাৰী, জয়কান্ত বড়ো,ইউবিপিঅৰ উপদেষ্টা শুক্ৰেশ্বৰ গয়াৰী, অধ্যক্ষ ঘনকান্ত মহেলা, উপ সভাপতি বাদল মুছাহাৰী, ৰঞ্জন বসুমতাৰী, সম্পাদক প্ৰবীণ ব্ৰহ্ম, কাৰ্য্যালয় সম্পাদক চনী বড়ো, বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সদস্য লক্ষ্মীধৰ বড়ো, ৰঙিয়া জিলাৰ সভাপতি মদন চন্দ্ৰ বড়ো, উপ সভাপতি মুকুট প্ৰসাদ বড়ো, মহেন্দ্ৰ নাথ বড়ো, বাথৌ মহাসভাৰ কেন্দ্ৰীয় সদস্য ধনেশ্বৰ বড়ো, কামৰূপ জিলাৰ বথৌ মহাসভাৰ দেউৰী খগেন বড়ো, কামৰূপ জিলাৰ বাথৌ মহাসভা তথা ট্ৰাইবেল সংঘৰ সভাপতি খগেন দৈমাৰী উপস্থিত থাকে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*