
দেৱজিত বৰাঃ নৃপেন দলে অফিচিয়েল প্ৰডাকচন (NRIPEN DOLEY OFFICIAL PRODUCTION) ৰ বেনাৰত নিৰ্মিত ‘য়ুমডেং’ (YUMDENG) শীৰ্ষক এটি মিচিং আধুনিক ৰোমান্টিক দৃশ্য-শ্ৰাব্য গীত ৩০ ছেপ্টেম্বৰত শুভমুক্তি লাভ কৰে৷ মনপৰশা দৃশ্য-শ্ৰাব্য গীতটিৰ কথা আৰু সুৰ মণ্টু টায়েৰ৷ গীতটিত কণ্ঠদান কৰিছে নৃপেন দলে আৰু ৰেখা দলেই৷ কৰিঅ’গ্ৰাফী ডিম্পী টাইডৰ৷
গীতটিৰ সংগীত ব্যৱস্থাপনা আৰু শব্দ সংমিশ্ৰণ কৰিছে বিকাশ বৰুৱাই৷ নৃপেন দলেৰ পৰিচালনাৰে গীতটিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে যুৱ প্ৰজন্মৰ প্ৰতিভাৱান নবাগতা শিল্পী পূজা মিৰি আৰু অৰ্ণৱ লাগাছুৱে আৰু যৌথ নৃত্যত সহযোগ কৰিছে বনিতা দলে আৰু তেওঁৰ বৰমথাউৰি গোটৰ সংগীবৃন্দই৷ আনহাতে এক প্ৰেছ বাৰ্তাত মুক্তি পোৱা গীতটি অসমবাসী সংগীত প্ৰেমী শ্ৰোতা-দৰ্শকে আদৰি লৈ মৰম যাচিব বুলি প্ৰডাকচনটোৰ প্ৰযোজক আৰু পৰিচালক নৃপেন দলে সংবাদ মাধ্যমৰ যোগেদি বিশেষভাবে আহ্বান জনাইছে৷
Leave a Reply Cancel reply